শিমলুগুৰি, নৱেম্বৰ ১০: ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ ইতিহাস গ্ৰহণ কৰা ৰাজধানী গড়গাঁও সমীপৰ শিমলুগুৰি নগৰৰ মাজমজিয়াত বৰটোপৰ গুলী উদ্ধাৰ হয়। শিমলুগুৰি নগৰৰ ১ নং ৱাৰ্ডৰ আচানুৰ ৰহমানৰ বাৰীত ঘৰুৱা কামৰ বাবে খনন কাৰ্য চলাই থাকোতে আহোম ৰাজত্বকালত যুদ্ধ – বিদ্ৰোহত ব্যৱহাৰ কৰা বৰটোপৰ সৰু-ডাঙৰ গুলী উদ্ধাৰ হয়। ইতিহাস প্ৰসিদ্ধ এই সমগ্ৰ অঞ্চলত আহোম যুগৰ বহু সমল প্ৰায় যিকোনোখনন কাৰ্যত উদ্ধাৰ হোৱা পৰিলক্ষিত হৈ আহিছে। সেই সময়ৰ যুদ্ধ-বিগ্ৰহত ব্যৱহাৰ হোৱা বৰটোপৰ গুলী কেইটা চাবৰ বাবে আচানুৰ ৰহমানৰ ঘৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণ অক্ষত অৱস্থাত থকা এই সৰু-বৰ ১৮ জাঁই বৰটোপৰ গুলী আচানুৰ ৰহমানৰ নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখিব বুলি জনাইছে।