গুৱাহাটী, নৱেম্বৰ ১০: জিএচ টিক লৈ মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। মন্ত্ৰী ৰকিবুলৰ মতে, জিএচ টিৰ অৰ্থ হৈছে গব্বৰ সিঙৰ টেক্স। তেওঁ কৈছে যে কংগ্ৰেছে এই কৰৰ পৰা মুক্ত কৰিব ৰাইজক। জিএচ টিয়ে জুৰুলা কৰিছে ব্যৱসায়ীসকলক। এন আৰ চি উন্নীতকৰণক লৈও মন্তব্য কৰিছে মন্ত্ৰী ৰকিবুলে। ১৯৭১ৰ ২৫ মাৰ্চৰ ভিতৰত অহাসকলৰ নাম থাকিব লাগিব আৰু তাৰ পিছত অহাসকলক খেদি পঠিয়াব লাগিব বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।