মঙলদৈ, নৱেম্বৰ ১০: ছিপাঝাৰ সমষ্টিৰ হালধা নামৰ গাঁওখনত ৯০ শতাংশ মানুহেই পাট পলু পুহি, সূতা কাটি কাপোৰ বৈ স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। গাঁও প্ৰতিঘৰ মানুহেই বছৰি ৬০ হাজাৰ টকাৰ পৰা ৭০ হাজাৰ টকাৰ পৰ্যন্ত উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে। উল্লেখ্য যে গাঁওখনৰ এজন শিক্ষকে নিজৰ শিক্ষকতা বৃত্তি ত্যাগ কৰি এই বৃত্তিৰ জৰিয়তে লাভৱান হোৱা বুলি জানিবলৈ পোৱা গৈছে।ছিপাঝাৰৰ এই গাঁওখনে ৰেচম পালনৰ জৰিয়তে এক আদৰ্শ গাঁও হিচাপে দাঙি ধৰিবলৈ সক্ষম হৈছে। লগতে ১৪৫ ঘৰ মানুহ থকা গাঁওখন পুৰুষ মহিলা উভয়ে জড়িত হৈ স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে।