গুৱাহাটী, সংবাদ ৩৬৫, ১৬ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এ আই ইউ ডি এফৰ মুখ্য কাৰ্যালয়ত সংবাদমেল। এ আই ইউ ডি এফৰ সম্পাদক আমিনুল ইছলামে সংবাদমেলত কয় যে কেবৰ জৰিয়তে ৫ খন ৰাষ্ট্ৰৰ পৰা মানুহ আনিব বিচাৰিছে চৰকাৰে। সেই মানুহ খিনিক ৰঙা দলিছা পাৰি স্বাগতম কৰিব বিচাৰিছে।

কেবৰ জৰিয়তে যিখিনি মানুহ অনা হ’ব সেই খিনি মানুহক ক্ল’জ ছিক্সে কভাৰ কৰিব নে ? সেইখিনি মানুহে চৰকাৰী চাকৰিৰ বাবে থকা ৰিজাৰ্ভেশ্যন চিট পাব নে ? সেইখিনি মানুহ মন্ত্ৰী, বিধায়ক হ’ব পাৰিব নে ? সেইখিনি মানুহে চৰকাৰী চাকৰি নাপায়, সেইখিনি মানুহ খিলঞ্জীয়াৰ পৰা বঞ্চিত হ’ব লগতে মন্ত্ৰী, বিধায়কো খেলিব নোৱাৰে।

কেবৰ জৰিয়তে সেই মানুহখিনিক অনাৰ ব্যৱস্থাও কৰি আছে আৰু আনহাতে পাব লগীয়া সুবিধাখিনিৰ পৰাও বঞ্চিত কৰি আছে। এফালেদি চৰকাৰে ৰেড কাৰ্পেট পাৰি আদৰিব বিচাৰিছে আনফালেদি সেই মানুহখিনিৰ পৰা ৰিলিজিয়াছ চাৰ্টিফিকেটো বিচাৰিছে । সংবাদমেলত এনেদৰে ক্ষোভ উজাৰে সম্পাদকগৰাকীয়ে।

সম্পাদক ইছলামে আৰু কয় যে এফালেদি পপুলেচন কনট্ৰল কৰিব বিচাৰিছে আনফালেদি এই মানুহখিনি আনি জনসংখ্যা বৃদ্ধি কৰিব বিচাৰিছে।

আমি কোনোপধ্যেই কেব আহিব নিদিওঁ। বিজেপি চৰকাৰে ভাষা, সংস্কৃতি, জাতীয়তাবাদ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে। বিজেপি চৰকাৰে লোৱা সকলো সিদ্ধান্তই অসমৰ বিৰোধী।

কেবৰ বিৰোধীতাৰে অতি সোনকালেই অসমৰ লগতে দিল্লীতো আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম বুলি সংবাদমেলত জানিবলৈ দিয়ে সম্পাদক গৰাকীয়ে।