নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ নৱেম্বৰ : দুই মাহ ধৰি সবৰিমালাত অনুষ্ঠিত হ’বলগা বাৰ্ষিক তীৰ্থযাত্ৰাৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰ পৰা মুকলি কৰি দিয়া হয় সবৰিমালাৰ দ্বাৰ। ১৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব বাৰ্ষিক তীৰ্থযাত্ৰা।

উল্লেখযোগ্য যে সবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশ নাছিল যদিও একাংশ মহিলা সংগঠনে এই বিষয়টো উচ্চতম ন্যায়ালয়ত উত্থাপন কৰিছিল । যোৱা বছৰতে উচ্চতম ন্যায়ালয়ে মন্দিৰত প্ৰৱেশ কৰিবলৈ ৰায় দিয়াৰ পাছত পুনৰ বিষয়টো বিবেচনাৰ বাবে ন্যায়ালয়ে সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰে।

ইয়াৰ পাছতে শনিবাৰে মুকলি কৰি দিয়া হ’ল মন্দিৰৰ দ্বাৰ। ইফালে কেৰেলা চৰকাৰে জানিবলৈ দিয়ে যে যিসকল মহিলাই মন্দিৰত প্ৰৱেশ কৰিব বিচাৰে তেওঁলোকে আনিব আদালতৰ নিৰ্দেশ।