গুৱাহাটী, সংবাদ ৩৬৫, ১৬ নৱেম্বৰ : ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে শনিবাৰে কলকাতাৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ইয়াৰ ৪৬তম প্ৰতিষ্ঠা দিৱস পালন কৰে। চিকিৎসা বিজ্ঞানৰ আলোচনা সম্পৰ্কীয় এক অনুষ্ঠান, এক কৰ্মশালা, সাংবাদিকৰে মত বিনিময় অনুষ্ঠান আৰু এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ জীৱনৰ ওপৰত আধাৰিত ছবি ‘কন্ঠ’ৰ প্ৰদৰ্শনীৰে সমৃদ্ধ কৰা হয় প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠান।

গুৱাহাটীৰ ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট চৌহদত আয়োজন কৰা এই অনুষ্ঠানত দুয়োখন হাস্পতালৰে ভালেসংখ্যক চিকিৎসকৰ লগতে বঙালী ছবিজগতৰ বিশিষ্ট চিত্ৰ নিৰ্মাতা ক্ৰমে শিৱপ্ৰসাদ মুখাৰ্জী আৰু নন্দিতা ৰয়ো উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জয়া হাছানো উপস্থিত থাকে।

এই সমগ্ৰ অনুষ্ঠান আয়োজনৰ মুখ্য উদ্দেশ্য আছিল শেহতীয়াকৈ ৰাজ্যখনত বৃদ্ধি পোৱা ধঁপাত সেৱনৰ পৰিমাণৰ ওপৰত আলোকপাত। শেহতীয়াকৈ ৯% বৃদ্ধি পাইছে ইয়াকৰ পৰিমাণ।

অলপতে কৰা এক সমীক্ষা অনুসৰি অসমৰ ৫০.৫% পুৰুষ, ৩২.৭% মহিলা আৰু সামগ্ৰিকভাৱে ৪১.৭% শতাংশ প্ৰাপ্তবয়স্ক লোকে ধঁপাত সেৱন কৰে। ইয়াৰ ভিতৰত সততে ব্যৱহাৰ কৰা দেখা যায় চাধা (২৩.১%) আৰু তামোল পান (১৯%)। ধুম্ৰপান কৰা সকলৰ ভিতৰত ২৫.৩% পুৰুষ, ০.৮% মহিলা আৰু সামগ্ৰিকভাৱে ১৩.৩% প্ৰাপ্তবয়স্ক লোক।

শনিবাৰৰ এই দিনজোৰা কাৰ্যসূচী আৰম্ভ হয় এক কৰ্মশালাৰ যোগেদি, য’ত ধঁপাত সেৱনৰ ফলত হোৱা কৰ্কট ৰোগ আৰু আৰু থায়ৰয়ড কেন্সাৰৰ এক অস্ত্ৰোপচাৰ সম্পন্ন কৰে নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ চিকিৎসকসকলে, আৰু এই অস্ত্ৰোপচাৰৰ সমগ্ৰ দৃশ্য পোনপটীয়াকৈ ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চিকিৎসকসকলক প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হয়।

এই বৰ্ণাঢ্য অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি প্ৰতিষ্ঠানখনৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে কয়, “আজিৰ পৰা ৪৬ বছৰ পূৰ্বেই অসমৰ মহান চিকিৎসক, স্বাধীনতা সংগ্ৰামী আৰু বিশিষ্ট সমাজকৰ্মী ডাঃ ভুৱনেশ্বৰ বৰুৱাৰ স্মৃতিত এই কৰ্কট প্ৰতিষ্ঠান স্থাপন কৰাৰ পিছৰে পৰাই সমগ্ৰ উত্তৰ-পূৱতেই কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে এই চিকিৎসা প্ৰতিষ্ঠান। সম্প্ৰতি ভাৰত চৰকাৰৰ এট’মিক এনাৰ্জী বিভাগৰ অনুদানপ্ৰাপ্ত অনুষ্ঠান আৰু টাটা মেম’ৰিয়েল চেণ্টাৰ মুম্বাইৰ এক গোট হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

অনুষ্ঠানত উপস্থিত থাকি কলকাতাৰ বিশিষ্ট ছবি পৰিচালক শিৱপ্ৰসাদ মুখাৰ্জীয়ে কয়, “এই ছবিখন প্ৰয়াত বিভূতি চক্ৰৱৰ্তীৰ জীৱনৰ অনুপ্ৰেৰণাৰে নিৰ্মাণ কৰা হৈছে। প্ৰয়াত চক্ৰৱৰ্তী আছিল এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত লোক, চিকিৎসাৰ স্বাৰ্থতে যাৰ কন্ঠনলীডাল আঁতৰাই দিয়া হৈছিল, ইয়াৰ পিছতো তেওঁ বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰমী অইন লোককো সমস্যাৰে যুঁজিবলৈ সাহস দিছিল। আমি অতি সুখী যে আমাৰ এই ছবিৰ যোগেদি আমি এক শক্তিশালী সামাজিক বাৰ্তা বহন কৰিবলৈ সমৰ্থ হৈছো আৰু এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত লোকৰ জীৱন যাত্ৰাৰ উপস্থাপনেৰে সমাজৰ সকলোকে এক অনুপ্ৰেৰণা দিব পাৰিছো।”

ইয়াৰ পিছতেই ৰাজ্যখনত বৃদ্ধি পোৱা ধঁপাতজনিত সমস্যা সন্দৰ্ভত সাংবাদিকৰে এক মত-বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়। তাৰ লগতে এই সমস্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট আৰু নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে সেই সন্দৰ্ভতো এক আলোকপাত কৰে দুয়োখন চিকিৎসালয় কৰ্তৃপক্ষই।

দিনজোৰা কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ আছিল বিশিষ্ট চিত্ৰ পৰিচালক নন্দিতা ৰয় আৰু শিৱপ্ৰসাদ মুখাৰ্জী পৰিচালিত ছবি ‘কন্ঠ-ছাউণ্ড অৱ ছাইলেন্স’ৰ প্ৰদৰ্শন। ছবি প্ৰদৰ্শনৰ পূৰ্বে বঙালী ছবি উদ্যোগ আৰু অসমীয়া ছবি উদ্যোগৰ ভালেমান তাৰকাই উপস্থিত অভ্যাগতৰ সৈতে মত বিনিময় কৰে। উল্লেখ্য যে কন্ঠ শীৰ্ষক এই ছবিখন ৯২ তম অকাডেমী পুৰস্কাৰত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ বাবে বাচনি লাভ কৰিছিল।