অনলাইন ডেস্ক, ২০ মেঃ মধ্য প্ৰদেশৰ অপৰাধ অনুসন্ধান শাখাই অশালীন ৱেবছাইট বনাই ইয়াৰ জৰিয়তে দেহ ব্যৱসায় কৰাৰ অপৰাধত ভাৰতীয় জনতা পাৰ্টিৰ এজন স্থানীয় নেতাৰ সৈতে নজনকৈ লোকক আটক কৰিছে। আনফালে বলিয়াত মাদক দ্ৰব্য সৰবৰাহ কৰাৰ অপৰাধত বিশ্ব হিন্দু পৰিষদৰ মাও জিলাৰ বিহীপৰ প্ৰাক্তন জিলা অধ্যক্ষকো আটক কৰা হৈছে। ৩৬ কেজি গাঞ্জাৰ সৈতে ৰামআশীষ নামৰ মাও জিলাৰ বিহীপৰ পূৰ্বৰ জিলা অধ্যক্ষৰ লগত ৬ জনকৈ ব্যক্তিক বলিয়া ৰেল আৰক্ষীয়ে আটক কৰিছে। বলিয়া ৰেল আৰক্ষী বিষয়া দিলীপ কুমাৰ পাণ্ডেৰ অনুসৰি বিহীপৰ পূৰ্বৰ জিলা অধ্যক্ষ ৰামআশীষৰ লগত পাঁচ গৰাকী মহিলা আৰু দুটা শিশুও আছে। তেওঁলোকে পশ্চিম বংগৰ পৰা নিজৰ বেগত জব্দ হোৱা গাঞ্জাখিনি আনিছিল। ৰেল আৰক্ষীয়ে তালাচী চলোৱাৰ সময়ত সন্দেহ হোৱাত তালাচী চলাই বেগত সোমোৱাই অনা গাঞ্জাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জেৰাত ৰামআশীষে স্বীকাৰ কৰে যে এই মহিলাসকলক গাঞ্জা সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা হৈছে। ৰামআশীষে  গাঞ্জা সৰবৰাহত ব্যৱহাৰ কৰা আটাইকেইগৰাকী মহিলা অসমৰ কামৰূপ জিলাৰ ৰঙিয়াৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বলিয়া ৰেল আৰক্ষীয়ে এই সংক্ৰান্তত গোচৰ ৰুজু কৰি আটাইকেইজনক জেললৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, ২০১৭ চনত বিধানসভাত মাও সদৰ বিধানসভাৰ পৰা ৰামআশীষে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।