বৰহাট, ৪ অক্টোবৰঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত সোণাৰি কবি চক্ৰৰ উদ্যোগত আৰু চৰাইদেউ জিলা কবি সন্মিলনৰ সহযোগত সোণাৰিত কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকনৰ স্মৃতি দিৱস পালন কৰা হয়। সোণাৰি কবি চক্ৰৰ সভাপতি ইন্দিৰা কাকতিয়ে পুৱা সন্মিলনৰ পতাকা উত্তোলন আৰু চৰাইদেউ জিলা কবি সন্মিলনৰ সভাপতি সিদ্ধাৰ্থ দত্তই স্মৃতি তৰ্পণ কৰে৷ ইয়াৰ পিছতেই চৰাইদেউৰ উপায়ুক্ত বিবেকানন্দ ফুকনে কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন সোঁৱৰণি কাব্যনুষ্ঠানটো উদ্বোধন কৰে। কাব্যনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাবে বিশিষ্ট কবি নিবেদিতা ফুকন উপস্থিত থাকে। কাব্যনুষ্ঠানটো পৰিচালনা কৰে নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা তথা বিশিষ্ট কবি ৰাজীৱ বৰাই৷ অনুষ্ঠানটোত চৰাইদেউ, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন জিলাৰ প্ৰায় অৰ্ধ শতাধিক নবীন প্ৰবীন কবিয়ে অংশগ্ৰহণ কৰি কবিতা পাঠ কৰে৷