বৰপেটা, ৪ অক্টোবৰঃ অখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটাৰ পৰা গুৱাহাটীৰ গণ সমাবেশলৈ গৈ থকা চাৰিখন বাহনক বাটতে বাধা দিয়ে বৰপেটা আৰক্ষী আৰু চিআৰপিএফে। গুৱাহাটীলৈ গৈ থকা বাছকেইখনক বৰপেটাৰ মাজদিয়াত তাৰাবাৰী থানা আৰু সৰ্থেবাৰী থানাৰ আৰক্ষীয়ে ঘেৰাও কৰি প্ৰতিবাদকাৰী সকলক আটক কৰে। অধিৱেশনলৈ গৈ থকা তিনিশতাধিক কৃষক আৰু ছাত্ৰই গণতান্ত্ৰিক কাৰ্য্যসূচীত অংশগ্ৰহণত বাধা প্ৰদান কৰা কাৰ্যক স্বৈৰাচাৰী আখ্যা দি বৰপেটা গুৱাহাটী পথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে। বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক কাজী নাজিমূল হক, ছাত্ৰ মুক্তিৰ সভাপতি ৰেজ্জাক খান, ছাত্ৰ নেতা আশ্ৰাফুল হুছেইনৰ নেতৃত্বত বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ পালহাজী, গোমাফুলবাৰী, বহৰি, পদ্মপাৰা, বান্দালী, বৰমাৰা, চেঙা, মাজেদিয়া অঞ্চলৰ পৰা গুৱাহাটীলৈ গৈ থকা কৃষক আৰু ছাত্ৰক এনেদৰে আৰক্ষীয়ে বাধা দিয়া কাৰ্যক চৰকাৰী পৃষ্ঠপোষকতাত বাক স্বাধীনতা হৰণ আৰু গণতান্ত্ৰিক বাতাবৰণ বিনষ্ট কৰা বুলি অভিযোগ তুলি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদকাৰী নেতৃবৃন্দই ৰাজপথত ভাষণ দিয়ে। বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক কাজী নাজিমূল হকে কয় যে অখিল গগৈৰ মুক্তিৰ দাবী তোলা, বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰা, নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰা যদি বেআইনী তেন্তে এনেকুৱা কাম আমি আৰু আমাৰ সংগঠনে হাজাৰবাৰ কৰি যাব। আজি আৰক্ষীয়ে যি ফেচিষ্ট কায়দাৰে গণ সমবেশত অংশগ্ৰহণকাৰী সকলক আটক কৰিছে, সেয়া গণতন্ত্ৰক টেঁটুচেপি হত্যা কৰা দৰে ঘটনা। আনহাতে ছাত্ৰ মুক্তিৰ সভাপতি ৰেজ্জাক খান আৰু ছাত্ৰ নেতা আশ্ৰাফুল হুছেইন ভাষণ প্ৰসংগত কয় যে আজি যি পুলিচী গুণ্ডাৰাজ চলোৱা হৈছে এয়া প্ৰকৃততে নাগপুৰৰ পৰিচালিত হৈছে। আৰএছএছৰ নিৰ্দেশত চলা চৰকাৰৰ আৰু চৰকাৰৰ ভেৰোণীয়া গুণ্ডা পুলিচে ইয়াত আইনৰ শাসন চলোৱাত ব্যৰ্থ হৈছে। চৰকাৰ বিৰোধী কোনো কাৰ্যসূচী ল’লে বিজেপি চৰকাৰে কঠোৰ হাতে দমণ কৰি ফেচিষ্টবাদৰ চূড়ান্ত শিখৰত আগুৱাইছে৷ এই সময় সাধাৰণ জনগণৰ বাবে গণতান্ত্ৰিক বাতাবৰণ ধৰি ৰখাৰ নিমিত্তে ওলাই অহাৰ সময়। পথ অৱৰোধ কৰি ৰখা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বেআইনী ঘোষণা কৰি গ্ৰেপ্তাৰ কৰে যদিও প্ৰতিবাদকাৰীসকলে ৰাজপথৰ পৰা উঠি যাবলৈ অমান্তি হোৱাত আৰক্ষীয়ে বৰ্বৰভাবে প্ৰতিবাদকাৰী সকলক চুচৰাই গাড়ীত তুলি তাৰাবাৰী থানালৈ নিয়ে৷ পুলিচৰ এনে বৰ্বৰোচিত আচৰণত আশ্ৰাফুল হুছেইন আহত হয় আৰু বহৰি স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰা হয়৷ বিয়লি তিনিমান বজাত প্ৰতিবাদকাৰীসকলক তাৰাবাৰী থানাৰ পৰা নিজ জামিনত মুক্তি দিয়া হয়।