সোনাপুৰ, নৱেম্বৰ ১২: সোণাপুৰৰ টেপেছিয়াত আমচাং বনাঞ্চলৰ বুকুত অৱস্থিত এটি সংগ্ৰহালয়। এই সংগ্ৰহালয়ত আপুনি আহে যদি আপুনিও হয়তো আপোনাৰ বৰ্তমানক পাহৰি এক বেলেগ পৃথিৱীলৈ গুচি যাবলৈ বাধ্য হ’ব। আপোনাক আকৰ্ষিত কৰিবলৈ এই সংগ্ৰাহলয়ত আছে এনেবোৰ ঐতিহাসিক সামগ্ৰী যিবোৰ সামগ্ৰীয়ে আপোনাৰ দৃষ্টি আকৰ্ষিত কৰি তুলিব। পৃথিৱীৰ বহুতো ঐতিহাসিক সামগ্ৰীৰ সাক্ষী হৈ আছে সোনাপুৰৰ টেপেছিয়াত আমচাং বনাঞ্চলৰ মাজত থকা ট্রেজাৰ হুইলজ নামৰ এটি ব্যক্তিগত সংগ্ৰহালয়। ১৮ বছৰৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰে পিকলু ডেকা নামৰ এজন ব্যক্তিৰ বাবে আমচাংৰ বুকুত প্ৰাণ পাই উঠিছিল এই সংগ্ৰহালয়ে। কিন্তু দুৰ্ভাগ্যজনক ভাবে বৰ্তমান সময়ত অস্তিত্ব সংকটত পৰিছে এই সংগ্ৰহালয়ৰ। বৰ্তমানৰ চৰকাৰে আমচাং বনাঞ্চল সংৰক্ষণৰ নামত উচ্ছেদ কৰিব এই সংগ্ৰহালয়ৰ। দেশী-বিদেশী পর্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ এই সংগ্ৰহালয়ত পুৰণি গাড়ী, মটৰ চাইকেল, দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত হেলমেট, প্ৰায় ১৯০ বৰ্ষ পুৰনি পিয়ানোৰ লগতে পুৰনি কালৰ বহু অমূল্য সামগ্ৰী সংগ্ৰক্ষিত হৈ আছে। পিকলু ডেকায়ে জানিব দিয়া মতে এই সকলো বস্তু তেওঁ ৰাজ্য আৰু দেশৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰিছে। এই সংগ্ৰহালয়খন ৰাজ্যৰ সম্পদ আৰু তেওঁ এই সংগ্ৰহালয়খন সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে।