কলগাছিয়া, নৱেম্বৰ ১২: কলগাছিয়াৰ মনাকচা গাঁৱত এক ভয়াৱহ অগ্নিকাণ্ড সংগঠিত হয়। এই অগ্নিকাণ্ডত গাঁওখনৰ শিৰাজ উদ্দিনৰ নামৰ এজন লোকৰ বাসগৃহ সহ ভোটাৰ আই ডি কাৰ্ড, এন আৰ চিৰ কাগজ, মাটিৰ নথি পত্ৰ, বেংকৰ কাগজ আদি কৰি প্ৰায় লাখ টকাৰ সম্পত্তি ভস্মিভূত হয়। এই জুই ৰাইজে নিৰ্বাপন কৰে। ৩ পৰিয়ালৰ বাসগৃহ কথমপি ৰক্ষা পৰে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও কলগাছিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।