বটদ্ৰৱা, নৱেম্বৰ ১২: শস্য চপোৱাৰ প্ৰাক-ক্ষণত বটদ্ৰৱা থানৰ নাতিদূৰৈত অৱস্থিত বৰচিলাৰ ২৫ গৰাকী শিক্ষিত যুৱতী-মহিলা ব্যস্ত হৈ পৰিছে শুকান পানী মেটেকাক লৈ। “প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা” ৰ অধীনত অসম চৰকাৰৰ “অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান” ৰ অন্তৰ্গত “NEDFI” ৰ সহযোগত আৰম্ভ হৈছে শুকান পানী মেটেকাৰে সামগ্ৰী তৈয়াৰ কৰা এক প্ৰশিক্ষণ শিবিৰৰ। এই প্ৰশিক্ষণ শিবিৰত পেলনীয়া শুকান মেটেকাৰে সাজি উলিওৱা হৈছে বেগ, টুপীকে আদি কৰি ভিন্ন মনোমোহা সামগ্ৰী। উল্লেখ্য যে, প্ৰশিক্ষণৰ বুজ লোৱাৰ স্বাৰ্থত হঠাৎ শিবিৰত গৈ উপস্থিত হয় বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, সমাজ সেৱক, অভিনেতা তথা বিজেপি কৰ্মী আকাশদ্বীপ ডেকা আৰু অন্যান্য শুভাকাংক্ষী সকল। বিধায়িকাগৰাকীয়ে শিল্পী সকলৰ কামৰ বুজ লয় আৰু সামগ্ৰিক পৰিৱেশৰ ওপৰত আলোকপাত কৰি প্ৰশিক্ষাৰ্থী সকলৰ লগত এক আলোচনাত ভাগ লয়। প্ৰশিক্ষাৰ্থী সকলৰ কামত বিধায়িকা আঙুৰলতা ডেকাই সন্তুষ্টি প্ৰকাশ কৰি পৰৱৰ্তী সময়ত এনে সামগ্ৰীৰ প্ৰদৰ্শনীমূলক ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি সকলোকে অধিক উৎসাহেৰে আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগায়।