গুৱাহাটী,নৱেম্বৰ ৮ : অসম লোকসেৱা আয়োগৰ জৰিয়তে ধনৰ বিনিময়ত চাকৰি লাভ কৰা অসম প্রশাসনিক আৰু সংযুক্ত সেৱাৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰি ইতিমধ্যে ১৩ গৰাকীকৈ বিষয়াক আৰক্ষীয়ে গ্রেপ্তাৰ কৰা কার্যক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আদৰণি জনাইছে। আজি এক বিবৃতি যোগে মুখ্যমন্ত্রী সোণোৱালে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ গঠন হােৱা দিন ধৰি শূণ্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে আৰু এই ক্ষেত্ৰত আপোচবিহীন সংগ্রাম অব্যাহত থাকিব। দুৰ্নীতিত জড়িত কোনাে বিষয়া কৰ্মচাৰীকে ৰেহাই দিয়া নহ’ব বুলি মন্তব্য কৰি সোণোৱালে আৰক্ষীক এই কেলেংকাৰীত জড়িত সকলো বিষয়াক তাৎক্ষণিকভাৱে কৰায়ত্ত কৰিবৰ বাবে নির্দেশ দিছে। ধনৰ বিনিময়ত চাকৰি লাভ কৰা কোনো বিষয়াই আত্মগোপন কৰি গ্রেপ্তাৰৰ পৰা হাত সাৰিব নোৱাৰিব আৰু এনে কাৰ্যৰ জৰিয়তে অনাগত দিনত অধিক সামাজিক লাজৰ সন্মুখীন হ’ব লাগিব বুলিও মুখ্যমন্ত্রী সোণোৱালে কয়৷ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে প্রশাসন ব্যৱস্থা অধিক স্বচ্ছ আৰু নিকা কৰি তুলিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে অসম চৰকাৰৰ দুৰ্নীতি বিৰােধী অভিযান তীব্রতৰ কৰি তুলিবলৈ আৰক্ষীক পূর্ণ ক্ষমতা প্রদান কৰা হৈছে। লগতে দুৰ্নীতিৰ কোনো ঘটনা দৃষ্টিগোচৰ হ’লে চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাসমূহক তৎকালে অৱগত কৰিবৰ বাবেও অসমবাসী ৰাইজক মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনাইছে।