নলবাৰী, নৱেম্বৰ ৮: নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে সমগ্ৰ দেশতে আৰম্ভ কৰা বিমুদ্ৰাকৰণৰ তীব্ৰ বিৰোধীতা কৰি আজি নলবাৰী জিলা কংগ্ৰেছে ক’লা দিৱস পালন কৰে৷ নলবাৰী জিলা কংগ্ৰেছে বিমুদ্ৰাকৰণৰ প্ৰতিবাদত ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়ায়৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ কাৰণে বৃহৎ সংখ্যাক আৰক্ষীক মোতায়েন কৰা হয়৷ প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধা নেওঁচি আগবাঢ়ি যোৱাৰ চেষ্টা কৰাত আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়৷ আৰক্ষীৰ লাঠিচালনাত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকাৰ, জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিব্যজ্যোতি হালৈকে ধৰি কেবাজনো কংগ্ৰেছ কৰ্মী আহত হয়৷