গুৱাহাটী, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ : নেফডি হাউচত স্বাস্থ্য, বিত্ত, গড়কাপ্তানী আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “আপোনাৰ আপোন ঘৰ আৰু অভিনন্দন” আঁচনিখনৰ মঙ্গলবাৰে শুভাৰম্ভ কৰে । আঁচনিখনৰ শুভাৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে কয় যে এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক আৰু মধ্যবিত্ত পৰিয়ালৰ লোকে গৃহ নিৰ্মাণৰ বাবে ঋণ ল’ব পাৰিব আৰু ঋণ ল’ব বিচৰা লোকৰ পৰিয়ালৰ বাৰ্ষিক আয় ২০ লাখ বা তাতকৈ কম হ’ব লাগিব । ১ এপ্ৰিল ২০১৯ ৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ হোৱা এই আঁচনিখনৰ কাম-কাজ ৩১ মাৰ্চ ২০২০ লৈকে চলিব।

৫ লাখৰ পৰা ১০ লাখ ঋণ ললে ১ লাখ ৰেহাই পাব। ১০ ৰ পৰা ২০ লাখলৈকে লৈকে ডেৰ লাখ টকা ৰেহাই, ২০-৩০ লাখত ২ লাখ টকা ৰেহাই পাব। ৩০-৪০ লাখলৈকে ২.৫০ লাখ টকা ৰেহাই পাব। ৪০ লাখৰ ওপৰত ল’লেও পাব ২.৫০ লাখ টকাহে ৰেহাই পাব। আপোন ঘৰৰ ঋণ লোৱাসকলে আপোনাৰ আপোন ঘৰৰ ঋণ ল’ব নোৱাৰিব।

এই ঋণৰ বাবে ইচ্ছুকসকলে ৱেবছাইটৰ যোগে ঋণৰ বাবে আবেদন কৰিব লাগিব। এই ৱেব ছাইট মুকলি কৰা হৈছে আৰু বেংকতো চৰকাৰৰ ফালৰ পৰা ধন জমা কৰা হৈছে । বেংকলৈ যোৱাৰ প্ৰয়োজন নহব ঋণ লোৱাসকলৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব, আয়ৰ প্ৰমাণ পত্ৰ নালাগে। চৰকাৰী বে চৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত সকলো কৰ্মচাৰীয়েই এই ঋণ লওঁতে ৰেহাই লাভ কৰিব।

ইফালে ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এখন আঁচনি মুকলি কৰে । এই আঁচনিখনৰ নাম অভিনন্দন। অসমত পূৰ্বতে লোৱা শিক্ষা লোণসমূহৰ হিতাধিকাৰীক ৫০ হাজাৰকৈ টকা সুমুৱাই দিব চৰকাৰে। ৬০ হাজাৰ টকা বা তাৰ ওপৰত ঋণ লোৱা সকলৰ একাউন্টত ভৰাই দিব ৫০ হাজাৰকৈ টকা।

বেংকৰ লেন দেন চলি থকা সকলে লাভ কৰিব এই অভিনন্দন আঁচনিৰ ৫০ হাজাৰকৈ টকা। ৬০ হাজাৰতকৈ কম ঋণ পৰিশোধ কৰিব থকাসকলে যিমান খিনি ঋণ থাকিব সেইখিনিয়েই চৰকাৰৰ ফালৰ ঘূৰাই দিব।