গুৱাহাটী, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী । দূৰ্গা পূজা উপলক্ষে সমগ্ৰ দোকান-পোহাৰ ভৰি পৰিছে বিভিন্ন সামগ্ৰীৰে। গ্ৰাহকৰো যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। মহানগৰীৰ কাপোৰ আৰু সৌন্দৰ্যৰ সামগ্ৰীৰে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ ভিৰ কৰিছে মহিলা-যুৱতীসকলে ।

গুৱাহাটী শ্বপিং ম’লসমূহত দিয়া হৈছে পূজাৰ উপলক্ষে ৰেহাই লগতে বিভিন্ন আকৰ্ষণীয় উপহাৰ। মহানগৰীৰ জি এছ ৰোডস্থিত চিটি চেণ্টাৰত পূজাৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক অহা পৰিলক্ষিত হৈছে।

ইফালে নাইকা কোম্পানীৰ বিউটি বাৰ নামৰ বিপনীখনত ৬০ ৰ পৰা ৪০ শতাংশ ৰেহাই দিয়া হৈছে । তাৰোপৰি কোম্পানীটোৰ প্ৰায় ১০০ত কৈও অধিক ব্ৰেণ্ডত গ্ৰাহকে লাভ কৰিব পাৰিব এই ৰেহাই ।

উৎসৱৰ বতৰত এনে বহুতো আকৰ্ষণীয় সুবিধা গ্ৰাহকৰ বাবে নাইকাই লৈ আহিছে বুলি জানিবলৈ দিয়ে নাইকা ডট কমৰ বিজনেছ মেজমেণ্ট শাখাৰ মুৰব্বী মাধৱী ইৰাণীয়ে।

আনহাতে, বিগ বজাৰ, বজাৰ ইণ্ডিয়া, বিশাল আদি ব্যৱসায়ীক প্ৰতিষ্ঠানেও পূজা উপলক্ষে গ্ৰাহকৰ বাবে ঘোষণা কৰিছে বহুতো আকৰ্ষণীয় উপহাৰ আৰু ৰেহাইৰ ব্যৱস্থা