নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : যিকোনো মুহূৰ্ততে কূটাঘাট সংঘটিত হ’ব পাৰে ভাৰতত। সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদৰ গভীৰ ষড়যন্ত্ৰ ভাৰতত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ ।

এক বিশেষ সূত্ৰ অনুসৰি এই জেইছ-ই-মহম্মদৰ মূল লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। ইতিমধ্যে এই সন্দৰ্ভত সাৱধান কৰি দিয়া হৈছে দেশৰ নিৰাপত্তাবাহিনীক।

ইয়াৰোপৰি সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ দেশৰ ৩০খন চহৰৰ লগতে কেইবাটাও বিমান বন্দৰত কূটাঘাট সংঘটিত কৰাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ বাবে প্ৰতিশোধ ল’বৰ বাবে এই ষড়যন্ত্ৰ ৰচনা কৰিছে সন্ত্ৰাসবাদী সংগঠনটোৱে।

জম্মু, পাঠানকুট, অমৃতচৰ, জয়পুৰ, কানপুৰ, গান্ধীনগৰ, লক্ষ্নৌ আদিকে ধৰি ৩০ খন চহৰ আৰু জম্মু, শ্ৰীনগৰ, অমৃতচৰ, আগ্ৰা আদি বিমানবন্দৰত কূটাঘাট সংঘটিত কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে সূত্ৰটোৱে।