জোনমণি বেগম

বিশ্বনাথ : আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আবকাৰী বিভাগে জব্দ কৰে অবৈধ অৰুণাচলী সুৰাখিনি। তেজপুৰ অভিমুখে আহি থকা অৱস্থাত সুৰা ভৰ্তি ট্ৰাক জব্দ কৰে অভিযানকাৰী আবকাৰী বিভাগৰ দলটোৱে।

ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে। ৰাজ্যৰ চুকে কোনে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ লগতে গ্ৰেপ্তাৰ হৈছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ মাফিয়া।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ সমান্তৰালভাৱে আবকাৰী বিভাগেও চুলাইৰ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। আবকাৰী বিভাগেও অভিযানকালত অবৈধ চুলাইৰ ঘটি উৎখাত কৰাৰ লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ সুৰা। এক প্ৰকাৰ অবৈধ সুৰা সৰবৰাহকাৰীৰ বাবে মূৰৰ কামোৰণী হৈ পৰিছে আবকাৰী বিভাগ।

শুকুৰবাৰেও বিশ্বনাথ জিলা আবকাৰী বিভাগৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। এএছ-২৫-চিচি-৮৯০০ নম্বৰৰ এখন ট্ৰাকৰ পৰা আবকাৰী বিভাগৰ দলে জব্দ কৰি এই অবৈধ অৰুণাচলী সুৰা। অবৈধ সুৰা ভৰ্তি ট্ৰাকখন তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত আবকাৰী বিভাগে অভিযান চলাই ট্ৰাকখন জব্দ কৰে।

এক গোপন খবৰৰ ভিত্তিত বিশ্বনাথ জিলা আবকাৰী বিভাগৰ এটা দলে এই অভিযান চলায়। বিশ্বনাথৰ প্ৰতাপগঢ় চাহ বাগিচাৰ সমিপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আবকাৰী বিভাগৰ দলটোক দেখা পাই ট্ৰাকখনৰ চালকজন ট্ৰাক এৰি পলায়ন কৰে। আবকাৰী বিভাগৰ দলটোৱে সুৰা ভৰ্তি ট্ৰাকখন আবকাৰী বিভাগৰ কাৰ্যালয়লৈ আনি ট্ৰাকখনৰ পৰা তিনি শ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰে।