গুৱাহাটী : সমগ্ৰ ৰাজ্য কঁপাই যোৱা উজান বজাৰৰ খাৰঘুলীৰ কিশোৰী হত্যাকাণ্ড মূল অভিযুক্ত আৰক্ষীৰ জালত। ডিম্পল কুমাৱতৰ হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। হত্যাকাণ্ডৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই।

উজান বজাৰৰ খাৰঘুলীৰ ডিম্পল কুমাৱতৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল। ডিম্পল কুমাৱতৰ হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ডিম্পল কুমাৱতৰ জেঠায়েকৰ পুত্ৰই হত্যাকাৰী। ডিম্পল কুমাৱতৰ জেঠায়েকৰ পুত্ৰ হত্যাকাৰী আশীকেশ গুপ্তাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ ওচৰত ডিম্পল কুমাৱতক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে আশীকেশ গুপ্তাই। আশীকেশ গুপ্তাৰ বন্ধু চিণ্টু দাসৰ ঘৰত উদ্ধাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ডিম্পল কুমাৱতৰ মবাইল ফোন।

আশীকেশ গুপ্তাই কিয় ডিম্পল কুমাৱতক হত্যা কৰিলে এই কথা এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্তৰ পিছতে হত্যাকাণ্ডৰ ৰহস্য ফাদিল হ’ব। আৰক্ষীয়ে ইতিমধ্যে ক্ষিপ্ৰ গতিত তদন্ত অব্যাহত ৰাখিছে।