নিউজ ডেস্ক : ভাৰতীয় সংগীত জগতৰ কোকিলকণ্ঠী লতা মংগেশকাৰ আৰু নাই। দেওবাৰে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে কোকিলকণ্ঠী লতা মংগেশকাৰ। ক’ভিডত নিমোনিয়াত আক্রান্ত হৈছিল লতা মংগেশকাৰ। কিছুদিন পূৰ্বে ক’ভিড আৰু নিমোনিয়াৰ পৰা মুক্ত হৈছিল যদিও ৯২ বছৰ বয়সত চিৰ বিদায় ললে কোকিলকণ্ঠী লতা মংগেশকাৰে।

ভাৰতীয় সংগীত জগতখন দেওবাৰে মৌন হৈ পৰিল। কোকিলকণ্ঠী লতা মংগেশকাৰে ভাৰতীয় সংগীত জগতখনক মৌন কৰি চিৰ বিদায় ললে। যোৱা ৮ জানুৱাৰীত কোকিলকণ্ঠী লতা মংগেশকাৰ ক’ভিডত আক্রান্ত বুলি ধৰা পৰিছিল। ক’ভিডৰ লগতে নিমোনিয়াত আক্রান্ত হোৱা কোকিলকণ্ঠী লতা মংগেশকাৰক মুম্বাইৰ ব্ৰীছকেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

ক’ভিড আৰু নিমোনিয়াত আক্রান্ত হোৱাৰ পিছৰে পৰা গায়িকা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল যদিও কিছুদিন পূৰ্বে কোকিলকণ্ঠী লতা মংগেশকাৰ ক’ভিড আৰু নিমোনিয়া মুক্ত হৈছিল। দুদিন পূৰ্বে পুনৰ লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। অৱশেষত দেওবাৰে চিকিৎসাধীন অৱস্থাত কোকিলকণ্ঠী লতা মংগেশকাৰে শেষ নিশ্বাস ত্যাগ কৰে।

৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা কোকিলকণ্ঠী লতা মংগেশকাৰৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে। বিভিন্ন সন্মানেৰে সন্মানিত কোকিলকণ্ঠী লতা মংগেশকাৰক ২০০১ চনত প্ৰদান কৰা হৈছিল ভাৰত সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন। কোকিলকণ্ঠী লতা মংগেশকাৰৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ বিৰাজ কৰিছে।