গুৱাহাটী, নৱেম্বৰ ১০: জি এচ টি কাউন্সিলৰ বৈঠকে দ্বিতীয় তথা অন্তিম দিনত সুখবৰ আনিলে ৰাজ্যবাসীলৈ। জি এচ টি পৰিষদৰ বৈঠকত ২৮% জি এচ টি থকা ১২২ বিধ সামগ্ৰীৰ কৰ হ্ৰাস পাব আৰু ২৮ শতাংশৰ পৰা ১৮ শতাংলৈ হ্ৰাস পাব জি এচ টি। তদুপৰি LUXURY SLABৰ সামগ্ৰীৰ জি এচ টি হ্ৰাসৰ সম্ভাৱনা আছে বুলি জনালে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অন্যহাতে ৰাজ্যত এক নতুন সংযোজন হ’ব শিক্ষা বিভাগত। উচ্চতৰ মাধ্যমিকৰ  দ্বিতীয় বৰ্ষৰ অৰ্থনীতি বিষয়ত পাঠ্যক্ৰমত জি এচ টি পাঠ অন্তৰ্ভুক্ত হ’ব। আৰু জি এচ  টিৰ ওপৰত পৰীক্ষাত ৫-১০ নম্বৰ আহিব।