সোণাৰি, নৱেম্বৰ ১০: সোণাৰিৰ অসম নাগালেণ্ড সীমান্ত কানুবাৰী চাহ বাগিছা আৰু লখোন বস্তিত পুৱতি নিশা CRPF আৰু অসম আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান চলায়। এই অভিযানত উদ্ধাৰ হয় দুটা ডিট’নেটৰ, দুটা টিএনটি শ্লেব্ছৰ লগতে উদ্ধাৰ কিছু পৰিমাণৰ ইলেকট্ৰিক ৱায়াৰ। বিস্ফোৰক উদ্ধাৰৰ পিছতে সোণাৰিৰ লগতে সমগ্ৰ চৰাইদেউ জিলাত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হৈছে।