পচৰীয়া, ১৪ নৱেম্বৰ: ভাৰতৰ আগশাৰীৰ এফএমচিজি ইমামী লিমিটেডৰ তৃতীয়টাে উৎপাদন গােট অসমৰ পচৰীয়াত আনুষ্ঠানিকভাৱে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণোৱালে উদ্বোধন কৰে। অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত, পৰিকল্পনা আৰু উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু শিক্ষা দপ্তৰৰ মন্ত্রী শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বাণিজ্য আৰু উদ্যোগ, পৰিবহন আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্রী শ্ৰী চন্দ্ৰ মোহন পাটােৱাৰীৰ দৰে বিশিষ্ট ব্যক্তিবর্গ উপস্থিত থাকে। অনুষ্ঠানত ইমামী লিমিটেডৰ পৰিচালন সঞ্চালক শ্ৰী সুশীল কুমাৰ গোৱেংকাৰ লগতে ইমামী গ্রুপৰ যুটীয়া অধ্যক্ষ শ্ৰী আৰ.এচ. আগৰৱাল আৰু শ্ৰী আৰ.এচ. গোৱেংকা তথা অন্যান্য সঞ্চালকসকল কোম্পপানীটােৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে। অসমৰ কামৰূপ জিলাৰ পচৰীয়াত অৱস্থিত আৰু ৩৪ একৰ মাটিত বিস্তৃত, কোম্পপানীৰ এই নতুন প্রকল্পটাে ভাৰতত ইমামী লিমিটেডৰ সৰ্ববৃহৎ প্রকল্প। বিশ্ব-মানৰ প্ৰযুক্তি সম্পপন্ন ইমামী লিমিটেডৰ এই নতুন প্রকল্পটােৰ মুঠ পৰিকল্পিত ফ্লোৰ এৰিয়া ৫০,০০০ বর্গ মিটাৰ আৰু মুঠ উৎপাদন ক্ষমতা ৯০,০০০ এমটিপিএ। প্রকল্পটােৰ বাবে কেঁচা মাল প্রয়োজন অনুযায়ী স্থানীয়ভাবে আৰু বিদেশৰ পৰা আহৰণ কৰা হ’ব। নতুন প্ৰকল্পটােৰ বাবে ৩০০ কোটি টকা বিনিয়োগ কৰা হৈছে। ইমামী লিমিটেডৰ পচৰীয়া প্রকল্পটাে আন্তর্জাতিক মানদণ্ডৰ প্ৰযুক্তিৰ সৈতে জিএমপি সুবিধা সম্পপন্ন, য’ত উচ্চ গতিৰ পেকিং মেচিন, স্বয়ংক্রিয় ট্রেকিং আৰু মনিটৰিং ছিষ্টেম, হাই-এণ্ড এইচভিএচি ছিষ্টেম আদিৰ দৰে অত্যাধুনিক ৰােবােটিক মেচিনৰ সহায়ত উৎপাদন কার্য চলোৱা হ’ব। এই মেচিনসমূহ সমগ্ৰ বিশ্বৰ বিভিন্ন আন্ত জাতিক উদ্যোগিক যন্ত্র-পাতি বিক্রেতাৰ পৰা আহৰণ কৰা হৈছে। অত্যাধুনিক সংৰক্ষণ আৰু হেণ্ডলিং সুবিধাযুক্ত এই নতুন প্রকল্পটােৱে সমগ্ৰ ভাৰতত বিয়পি থকা ইমামী লিমিটেডৰ বিতৰণ ব্যৱস্থালৈ পণ্যসমূহ সৰবৰাহ কৰিব। একত্রিত শক্তি ব্যৱস্থাপনা পদ্ধতি, স্বয়ংক্রিয় উৎপাদন পদ্ধতি আৰু সামগ্ৰী ব্যৱস্থাপনা, উন্নত ডাটা যোগাযোগৰ সুবিধা আৰু প্রক্রিয়াকৰণ-বান্ধৱ সেউজ পৰিৱেশযুক্ত এইটাে এটা শক্তি ৰাহিকাৰক উৎপাদন গোট। দায়িত্বশীল কর্পৰেট নাগৰিক হিচাপে ইমামীৰ পৰম্পপৰা আগুৱাই নিবলৈ, প্রকল্পটাে অৱস্থিত অঞ্চলটােত তথা ইয়াৰ আশে-পাশে স্বাস্থ্য, দক্ষতা বিকাশ, শিক্ষা, মহিলা সৱলীকৰণ আৰু পয়ঃপ্ৰণালী নিষ্কাশন আদিৰ দৰে বিভিন্ন চিএচআৰ কাৰ্যকলাপসমূহ সম্প্রপন্ন কৰিবলৈ কোম্পানী বদ্ধপৰিকৰ। প্রকল্পটােৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত ইমামী গ্রুপৰ যুটীয়া অধ্যক্ষ শ্ৰী আৰ.এচ. আগৰৱাল আৰু শ্ৰী আৰ.এচ. গোৱেংকাই কয়, “যোৱা কেইবছৰমান ধৰি অসম আমাৰ বাবে প্রিয় গন্তব্যস্থান হৈ পৰিছে। পচৰীয়াত এই নতুন প্ৰকল্পটাে খোলাৰ আগতে ইতিমধ্যেই আমাৰ দুটা গোট অসমৰ অভয়পুৰ আৰু আমিনগাঁৱত চলি আছে। এই কেইবছৰত তিনিটাকৈ প্রকল্প স্থাপন কৰাৰ বাবে আমাক অসম চৰকাৰে আগবঢ়োৱা সহায়তাৰ বাবে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞতা প্রকাশ কৰিছাে। ভৱিষ্যতে আমাৰ বিনিয়ােগবােৰ বজাৰৰ চাহিদা অনুযায়ী হ’ব আৰু অসম বিনিয়োগকাৰী-বান্ধৱ ৰাজ্য হিচাপে, ইমামীৰ বাবে অগ্ৰাধিকাৰপ্ৰাপ্ত উৎপাদনৰ গন্তব্যস্থান হৈ থাকিব।” ইমামী লিমিটেডৰ পৰিচালন সঞ্চালক শ্ৰী সুশীল গোৱেংকাই কয়, “আমি সম্পপ্রতি পচৰীয়াত অৱস্থিত আমাৰ নতুন গোটটােত বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছো। এই গোটটােত ইমামীয়ে উৎপাদন কৰা ব্যক্তিগত পৰিচর্য আৰু স্বাস্থ্য পৰিচর্যাৰ পণ্যসমূহ উৎপাদন কৰা হ’ব। অসমত এই গােটটাে সম্পপূর্ণ হােৱাৰ পাছত এই ৰাজ্যত আমাৰ মুঠ উৎপাদন ক্ষমতা ১.১ লাখ এমপিিটএ-লৈ বৃদ্ধি পালে। আমি উল্লেখ কৰিবলৈ পাই সুখী হৈছে যে পচৰীয়াত আমাৰ নতুন গোটটাে সংযোজনৰ দ্বাৰা ইমামীয়ে অঞ্চলটােত কেবাহেজাৰাে প্ৰত্যক্ষ আৰু পৰােক্ষ কর্মসংস্থানৰ সৃষ্টি কৰিলে। পচৰীয়াৰ নতুন গোটটাে অন্তর্ভুক্ত কৰি সমগ্ৰ ভাৰতত ইমামী লিমিটেডৰ এতিয়া ৮ টা উৎপাদন গোট আছে। এই প্রকল্পসমূহ পশ্চিম বংগ, অসম, উত্তৰাখণ্ড, মহাৰাষ্ট্র, গুজৰাট, দদৰা আৰু নগৰ হাভেলীত বিস্তৃত হৈ আছে। কোম্পানীৰ বাংলাদেশত এটা গোট আছে। ৫০,০০০ কোটি টকীয়া বহুমুখী ইমামী গ্রুপ অফ কোম্পপানীৰ ধ্বজাবাহী কোম্পানী ইমামী লিমিটেডে বিভিন্ন খণ্ড যেনে এফএমচিজি, চিমেণ্ট, নিউজপ্রিন্ট, পেকেজিং বোর্ড, ভোজ্য তেল আৰু বায়ো ডিজেল, স্বাস্থ্যু পৰিচর্য, ফার্মাচী, স্থাৱৰ সম্পত্তি, লিখন সামগ্ৰী, ষ্টেচনেৰী আৰু বিনােদনমূলক গ্ৰন্থৰ বিপনী, সৌৰ শক্তি আৰু সমকালীন কাৰুশিল্প আদিৰ দৰে ব্যৱসায় ক্ষেত্ৰত নেতৃস্থানীয় ভূমিকা বজাই ৰাখিছে।