ডিগবৈ, ১৫ নৱেম্বৰ: ডিগবৈ থানা অন্তৰ্গত উল্টাপুলত সংঘটিত হ’ল এক শোকাৱহ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত দুজনকৈ যুৱকৰ থিতাতে নিহত হয়। জানিব পৰা মতে, ট্ৰাক আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়৷  নিশা প্ৰায় ১০ মান বজাত ডিগবৈ থানা অন্তৰ্গত উল্টাপুলত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত AS-01-GC-1847 নম্বৰৰ পঞ্জাৱবডী ট্ৰাক এখন ঘূৰাবলৈ চেষ্টা কৰোতে মাকোম দিশৰপৰা অহা ডিগবৈৰ এনআৰএল পেট্ৰ’ল ডিপুত পালচাৰ বাইক এখনে তেল ভৰাবলৈ বুলি আহি থাকোতে তীব্ৰ বেগত আহি ট্ৰাকখনৰ পাছফালে খুন্দা মাৰে৷  ফলত AS-23-R-9913 নম্বৰৰ পালচাৰ বাইকখনত অহা দুই যুৱকৰ থিতাতে নিহত হয়৷ যুৱকদ্বয় ক্ৰমে মাকোমৰ গান্ধীবস্তিৰ যুগল সোণোৱাল আৰু মতাপুং বাৰেকুৰীৰ চিৰাজ গোহাঁই৷ ঘন কুঁৱলী আৰু তীব্ৰ বেগত অহাৰ কাৰণেই এই দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি স্থানীয় লোকে জানিবলৈ দিয়াৰ লগতে কোনো চিগনেল  নিদিয়াকৈ পথৰ ওপৰতে ট্ৰাকখনে ঘূৰাবলৈ চেষ্টা কৰাৰ ফলতেই এই ঘটনা সংঘটিত হ’ল বুলি নিহত যুৱকজনৰ আত্মীয়ই জানিব দিয়ে৷