গুৱাহাটী, ১৮ অক্টোবৰ, ২০২৩ : আজি কাতি বিহুৰ (Kati Bihu) শুভক্ষণত অসমৰ কৃষকে মুম্বাইৰ ৱাচিৰ বৃহৎ পাইকাৰী শাক-পাচলিৰ মন্দিলৈ ব্যৱসায়ৰ সৈতে পোনপতীয়া ব্যৱসায় আৰম্ভ কৰিলে। অসমৰ আদৰৰ কাজিনেমুৰ ব্যৱসায় বিস্তাৰৰ বাবে মুম্বাইত উদ্যান শস্য সঞ্চালকালয়, অসমে লোৱা প্ৰচেষ্টাৰ ব্যাপক সহাৰি মুম্বাইৰ বিভিন্ন স্থানত লাভ কৰাৰ পাছত এইটো এক ডাঙৰ সফলতা।

অসম চৰকাৰৰ জিলা কৃষি বিভাগৰ বিষয়া, কৃষক উৎপাদক সমিতিৰ সৈতে মুম্বাইব ব্যবসায়ীৰ লগত হোৱা ভিডিঅ’ কনফাৰেঞ্চিত ভাগ লোৱা কৃষকসকলে নিজে ৫ হাজাৰ কাজিনেমু মুম্বাইৰে বৃহৎ মন্দিলৈ পঠিয়াবলৈ সক্ষম হ’ল। আজি কৃষক সকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা ইণ্ডিগো বিমানেৰে কাজিনেমু পঠিওৱাব অভিজ্ঞতা লাভ কৰিলে।

ইতিমধ্যে অসমৰ পৰা মুম্বাইৰ বজাৰ পৰিদৰ্শন আৰু ব্যৱসায়ীসকলৰ লগত আৰু অধিক ব্যৱসায় সম্প্রাসাৰণৰ বাবে ২০ জনীয়া কৃষকৰ দল এটাক মুম্বাইলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে। কৃষকসকলে ঘুৰি আহি প্ৰতিখন জিলাৰ আন কৃষকসকলক লগত লৈ পোনপতীয়াকৈ মুম্বাই, পুনে, বাংগালোৰৰ বজাৰত সোমাব পাৰিব বুলি আশা কৰা হৈছে।ইতিমধ্যে মুম্বাইৰ এটা ব্যৱসায়ীৰ দল অসমলৈ অহাৰ আগ্ৰহ প্ৰকাশ কৰিছে আৰু উদ্যান শস্য সঞ্চালকালয়ে তেখেতসকলৰ আগ্ৰহক আদৰণি জনাইছে।

মুম্বাইৰ বজাৰত অসমৰ কল, আনাৰস, আদা, হালধী, কচু (সক), উৰহী, জালুক আদিৰ বজাৰৰ ব্যাপক সম্ভাৱনা আছে বুলি উদ্যান শস্য সঞ্চালকে আমাক জানিবলৈ দিছে। মুম্বাইত থকা ত্ৰিপুৰাৰ ব্যৱসায়ী এজনে তেখেতৰ কাৰ্যালয়ৰ এটা অংশ অসমৰ সামগ্ৰী বিক্ৰীৰ বাবে ব্যৱহাৰৰ অনুমতি দিছে। মুম্বাইৰ ব্যৱসায়ীসকলে অসমৰ সামগ্ৰী প্ৰতিদিনে ডুবাইলৈ ৰপ্তানী কৰাৰ আশ্বাস দিছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত অসমৰ কৃষকক ভাগিদাৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে।

উদ্যান শস্য সঞ্চালকালয়ে ডিচেম্বৰ-জানুৱাৰীৰ ভিতৰত দুখন ১৮ টন সামৰ্থৰ অত্যাধুনিক শীত তাপ নিয়ন্ত্রিত বাহন কৃষক উৎপাদক সমিতি আৰু বাচি মুম্বাইৰ Agriculture Product Marketing Corporation ৰ সহযোগিতাত চলোৱাৰ ব্যৱস্থা কৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই আগভাগ লৈ শীঘ্ৰে কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।