নিউজ ডেস্ক, ১৭ অক্টোবৰ,২০২৩ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) মঙলবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত মুম্বাইত অনুষ্ঠিত বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ ৰ শুভ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সামুদ্ৰিক নীল অৰ্থনীতিৰ এক ব্লুপ্ৰিণ্ট ‘অমৃত কাল ভিজন ২০৪৭’ মুকলি কৰে। এই ভৱিষ্যৎ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ২৩,০০০ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা শুভ উদ্বোধন কৰে। মঙলবাৰে একেদিনাই ভাৰতৰ সামুদ্ৰিক খণ্ডত ৭ লাখ কোটি টকাৰ বিনিয়োগৰ ইতিহাস সৃষ্টি হৈছে।

অমৃত কাল দৃষ্টিভংগীৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ বন্দৰ ক্ষমতা ১০,০০০ নিযুত টনলৈ বৃদ্ধি কৰা। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ এই অভিলাষী অনুষ্ঠানৰ তৃতীয় সংস্কৰণটোত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত প্ৰমুখ্যে বিভিন্ন দেশৰ মন্ত্ৰী, প্ৰতিনিধিসকল উপস্থিত থাকে। বিভিন্ন দেশৰ মন্ত্ৰীসকলৰ ভিতৰত আৰ্মেনিয়া, বাংলাদেশ, বেলাৰুছ, কোমোৰোছ, ইৰাণ, ইটালী, শ্ৰীলংকা, তাঞ্জানিয়া, তুৰ্কমেনিস্তান, উজবেকিস্তান, স্পেইন আৰু নেপালৰ মন্ত্ৰীসকল উপস্থিত আছিল। বিগত কেইবছৰমানত ভাৰতৰ সামুদ্ৰিক খণ্ডটো শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা প্ৰণালীবদ্ধ পদক্ষেপসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰস্তাৱিত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড’ৰৰ গুৰুত্বৰ বিষয়েও দোহাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কৰিড’ৰে ভাৰতৰ লগতে বিশ্ব বাণিজ্যৰ প্ৰতিচ্ছবি সলনি কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী সময়ৰ বৃহৎ বন্দৰ, আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্স-শ্বিপমেণ্ট বন্দৰ, দ্বীপ উন্নয়ন, আভ্যন্তৰীণ জলপথ আৰু মাল্টি-মডেল হাব আদি ইয়াৰ অধীনত হাতত লোৱা হ’ব, যাৰ ফলত ব্যৱসায়িক ব্যয় হ্ৰাস পাব, লজিষ্টিক দক্ষতা উন্নত হ’ব আৰু বহু নিযুক্তিৰ পথ সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিনিয়োগকাৰীসকলে এই অভিযানৰ অংশ হৈ সক্ৰিয় যোগদান কৰাৰ এক উত্তম সুযোগ আহি পৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে প্ৰতিটো খণ্ডতে বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু ভাৰতৰ সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ভাৰতৰ মুখ্য বন্দৰসমূহৰ ক্ষমতা দুগুণ হৈছে আৰু ২০১৪ চনৰ ৪২ ঘণ্টাৰ তুলনাত ডাঙৰ জাহাজৰ পৰিৱৰ্তনৰ সময় ২৪ ঘণ্টাতকৈও কম হৈছে। প্ৰধানমন্ত্ৰীয়ে বন্দৰ সংযোগ বৃদ্ধিৰ বাবে নতুন পথ নিৰ্মাণৰ কথাও উল্লেখ কৰে আৰু উপকূলীয় আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সাগৰমালা প্ৰকল্পৰ সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰচেষ্টাই নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিছে আৰু জীৱন ধাৰণৰ মান বহুগুণে বৃদ্ধি কৰিছে। ‘সমৃদ্ধিৰ বাবে বন্দৰ আৰু প্ৰগতিৰ বাবে বন্দৰ’ৰ চৰকাৰৰ দৃষ্টিভংগীয়ে আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ‘উৎপাদনশীলতাৰ বাবে বন্দৰ’ৰ মন্ত্ৰকো উৎসাহিত কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জাহাজৰ পুনৰ্ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত ইতিমধ্যে দ্বিতীয় স্থানত আছে। ভাৰতৰ মুখ্য বন্দৰসমূহক কাৰ্বনমুক্ত কৰাৰ প্ৰচেষ্টাৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, “ভাৰতৰ এক বিশাল উপকূল, শক্তিশালী নদী ব্যৱস্থা আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আছে, যিয়ে সামুদ্ৰিক পৰ্যটনৰ বাবে নতুন সম্ভাৱনা সৃষ্টি কৰিব”। প্ৰধানমন্ত্ৰীয়ে ভাৰতত সামুদ্ৰিক পৰ্যটনৰ প্ৰসাৰৰ বাবে বিশ্বৰ আটাইতকৈ দীঘল নদী ক্ৰুজ সেৱা ‘গংগা বিলাস’ৰ কথা উল্লেখ কৰে, যিয়ে প্ৰথমবাৰৰ বাবে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ আগন্তুক আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল আৰু বিশাখাপত্তনম আৰু চেন্নাইৰ আধুনিক ক্ৰুজ টাৰ্মিনেলৰ বিষয়েও অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “ভাৰতে অত্যাধুনিক আন্তঃগাঁথনিৰ জৰিয়তে এক বিশ্বব্যাপী ক্ৰুজ প্ৰাণকেন্দ্ৰ হোৱাৰ দিশত আগবাঢ়িছে”। প্ৰধানমন্ত্ৰীয়ে সাগৰমালা উদ্যোগৰ অভূতপূৰ্ব সাফল্যত আনন্দ প্ৰকাশ কৰে। সামুদ্ৰিক সন্মিলন ২০১৬ ত প্ৰৱৰ্তন কৰা সাগৰমালাই ভাৰতৰ সামুদ্ৰিক আৰু উপকূলীয় দৃশ্যপটত বিপ্লৱ আনিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ১.২ লাখ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰায় ৮০০ প্ৰকল্পৰ ভিতৰত ২৩০টাই ইতিমধ্যে সম্পূৰ্ণ হৈছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ দেশখনে বিগত দশকসমূহত সৰ্বাংগীণ উন্নয়নৰ এক ব্যতিক্ৰমী পৰ্যায় প্ৰত্যক্ষ কৰিছে।
প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতৰ জি-২০ অধ্যক্ষতা হৈছে বিশ্বব্যাপী ভাৰতৰ অনন্য গ্ৰহণযোগ্যতাৰ এক ঐতিহাসিক মাইলৰ খুঁটি। পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী উপকূলীয় আৰু আভ্যন্তৰীণ জলপথত সবল ৰূপত প্ৰতিফলিত হৈছে।আভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত যোৱা ন বছৰত কাৰ্গো চলাচলৰ পৰিমাণ ১৭০০ শতাংশতকৈও অধিক বৃদ্ধি হৈছে। বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ভাৰতৰ সামুদ্ৰিক ঐতিহ্যৰ আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, যিয়ে অংশীদাৰ আৰু বিনিয়োগকাৰীসকলৰ সৈতে জড়িত হোৱাৰ বাবে এক বিশ্বব্যাপী মঞ্চ হিচাপে কাম কৰিব।”