গুৱাহাটী, ১৮ অক্টোবৰ, ২০২৩ : উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৰে’ল যোগাযোগ বৃদ্ধি কৰাৰ উদ্দ্যেশ্যে শিলচৰ আৰু আগৰতলালৈকে দুখন ৰে’লৰ সেৱা সম্প্ৰসাৰিত কৰা হ’ব (New Rail Service) আৰু আন দুখন নতুন ৰে’ল সেৱাও আৰম্ভ কৰা হ’ব। ১৯ অক্টোবৰ, ২০২৩ তাৰিখে ৰে’ল নং ১৫৬১৭/১৫৬১৮ (গুৱাহাটী-দুল্লভচেৰা-গুৱাহাটী) ত্ৰি-সাপ্তাহিক এক্সপ্ৰেছ ৰে’লখন গুৱাহাটীৰ পৰা শুভাৰম্ভ কৰা হ’ব আৰু ৰে’ল নং ১২৫১৪/১২৫১৩ গুৱাহাটী-ছেকেন্দ্ৰাবাদ-গুৱাহাটী  ৰে’লখনৰ শিলচৰলৈকে সম্প্ৰসাৰণ কৰা হ’ব।

লগতে, ০৭৬৮৮/০৭৬৮৭ আগৰতলা-সাব্ৰুম-আগৰতলা ডেমু ৰে’ল আৰু ৰে’ল নং ১২৫২০/১২৫১৯ কামাখ্যা-লোকমান্য তিলক (টি)-কামাখ্যা ৰে’লখনৰ আগৰতলালৈকে সম্প্ৰসাৰিত সেৱা আগৰতলাৰ পৰা একেদিনাই শুভাৰম্ভ কৰা হ’ব। এই উপলক্ষ্যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ লগতে অন্যান্য গণ্য মান্য ব্যক্তিসকলো ক্ৰমে গুৱাহাটী আৰু আগৰতলা ৰে’ল ষ্টেচনত উপস্থিত থাকিব। কেন্দ্ৰীয় ৰে’ল, যোগাযোগ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও অনলাইন যোগে এই শুভাৰম্ভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। শিলচৰ আৰু দুল্লভচেৰাত স্থানীয় সাংসদ/বিধায়ক আৰু অন্যান্য গণ্যমান্য ব্যক্তি সকলো উপস্থিত থাকিব।

ৰে’ল নং ১২৫১৩/১২৫১৪ (ছেকেন্দ্ৰাবাদ-শিলচৰ-ছেকেন্দ্ৰাবাদ) এক্সপ্ৰেছৰ সম্প্ৰসাৰিত সেৱাৰ নিয়মিত যাত্ৰা ২১-১০-২০২৩ তাৰিখ শনিবাৰৰ পৰা আৰম্ভ হ’ব আৰু ছেকেন্দ্ৰাবাদৰ পৰা ১৬.৩৫ বজাত প্ৰস্থান কৰি সোমবাৰে ২৩.২০ বজাত শিলচৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’লখন বুধবাৰে শিলচৰৰ পৰা ১৯:৫০ বজাত প্ৰস্থান কৰিব আৰু শনিবাৰে ০৩:৩৫ বজাত ছেকেন্দ্ৰাবাদত আহি উপস্থিত হ’ব। ৰে’ল নং ১২৫১৯/১২৫২০ (লোকমান্য তিলক টাৰ্মিনাচ-আগৰতলা-লোকমান্য তিলক টাৰ্মিনাচ) এক্সপ্ৰেছ ৰে’লখনৰ সম্প্ৰসাৰিত সেৱাৰ নিয়মিত যাত্ৰা ২২-১০-২০২৩ তাৰিখ দেওবাৰৰ পৰা আৰম্ভ হ’ব আৰু লোকমান্য তিলক (টি) পৰা ০৭.৫০ বজাত প্ৰস্থান কৰি মঙলবাৰে ১৭.৫০ বজাত আগৰতলা গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’লখন বৃহস্পতিবাৰে আগৰতলাৰ পৰা ০৭.২০ বজাত প্ৰস্থান কৰিব আৰু শনিবাৰে ১৬.১৫ বজাত লোকমান্য তিলক (টি) ত গৈ উপস্থিত হ’ব।

আনহাতে ৰে’ল নং ০৭৬৮৮/০৭৬৮৭ (আগৰতলা-ছাব্ৰুম-আগৰতলা) দৈনিক ডেমু স্পেচিয়েলৰ নিয়মিত যাত্ৰা ২০-১০-২০২৩ তাৰিখৰ পৰা আৰম্ভ হ’ব আৰু আগৰতলাৰ পৰা ১৩.৪০ বজাত প্ৰস্থান কৰি ১৫.৫৫ বজাত ছাব্ৰুমত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’লখন ছাব্ৰুমৰ পৰা ১৬.২০ বজাত প্ৰস্থান কৰি ১৮.৫০ বজাত আগৰতলাত গৈ উপস্থিত হ’ব। ২১-১০-২০২৩ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৬১৭/১৫৬১৮ (গুৱাহাটী-দুল্লভচেৰা-গুৱাহাটী) এক্সপ্ৰেছৰ সেৱা সপ্তাহত তিনিদিন অৰ্থাৎ সোমবাৰ, বুধবাৰ আৰু শনিবাৰে গুৱাহাটীৰ পৰা ২২.০০ বজাত প্ৰস্থান কৰি পৰৱৰ্তী দিনা ০৯.৪৫ বজাত দুল্লভচেৰাত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’লখন মঙলবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰ দুল্লভচেৰাৰ পৰা ১১.১০ বজাত প্ৰস্থান কৰি একেদিনাই ২৩.১৫ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।

অৱশ্যে, উদ্বোধনী বিশেষ ৰে’ল নং ০২৫১৪ (শিলচৰ-গুৱাহাটী) শিলচৰৰ পৰা ১৫.৫০ বজাত প্ৰস্থান কৰিব আৰু পিছদিনা ০১.৪০ বজাত গুৱাহাটীত আহি উপস্থিত হব; ৰে’ল নং ০২৫২০ (আগৰতলা -গুৱাহাটী) আগৰতলাৰ পৰা ১৫.৫০ বজাত প্ৰস্থান কৰি পিছদিনা ০৫.২০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।  ৰে’ল নং ০৭৬৮৬ (আগৰতলা-ছাব্ৰুম) ডেমু ৰে’লখন আগৰতলাৰ পৰা ১৫.৫০ বজাত প্ৰস্থান কৰি একেদিনাই ১৮.১০ বজাত ছাব্ৰুমত গৈ উপস্থিত হ’ব আৰু ৰে’ল নং ০৫৬১৭ (গুৱাহাটী-দুল্লভচেৰা) ৰে’লখন গুৱাহাটীৰ পৰা ১৫.৫০ বজাত প্ৰস্থান কৰি পৰৱৰ্তী দিনা ০৩.০০ বজাত দুল্লভচেৰাত গৈ উপস্থিত হ’ব।