কাছাৰ, ২৪ জুলাই, ২০২৩ : অসমত আশ্ৰয় লৈছে মিজোৰামৰ মেইটেই সম্প্ৰদায়ৰ বহু লোক। জানিব পৰা মতে মিজোৰামত বসবাস কৰা ৪১ গৰাকী মেইটেই সম্প্ৰদায়ৰ লোক আশ্ৰয় লৈছে অসমত (Meitai People From Mizoram take Shelter In Assam)। মিজোৰামৰ প্ৰাক্তন উগ্ৰপন্থী সংগঠনে মেইটেই সম্প্ৰদায়ৰ লোক সকলক মিজোৰাম এৰি যাবলৈ সকীয়ানি প্ৰদান কৰিছিল।

মণিপুৰৰ ভাইৰেল ভিডিঅ’ ঘটনাৰ পিছতে মিজোৰামৰ প্ৰাক্তন উগ্ৰপন্থী সংগঠন এম এন এফে মিজোৰামত বসবাস কৰা মেইটেই সম্প্ৰদায়ৰ লোক সকলক মিজোৰাম এই যাবলৈ সকীয়ানি প্ৰদান কৰিছিল। এম এন এফৰ সকীয়ানি পিছতে মিজোৰামত বসবাস কৰা মেইটেই সম্প্ৰদায়ৰ লোক সকল আতংকিত হৈ পৰে। মেইটেই সম্প্ৰদায়ৰ লোক সকলে ইতিমধ্যে মিজোৰাম এৰিবলৈ আৰম্ভ কৰিছে।

শনিবাৰে নিশাৰ ভাগত মিজোৰামত বসবাস কৰা বহু মেইটেই সম্প্ৰদায়ৰ লোক মিজোৰাম এৰি অসমত আশ্ৰয় লয়। জানিব পৰা মতে মিজিৰামত বসবাস ৪১ গৰাকী মেইটেই সম্প্ৰদায়ৰ লোক আহি অসমৰ কাছাৰ জিলাত আশ্ৰয় লৈছে। শনিবাৰে নিশা মিজোৰামৰ মেইটেই সম্প্ৰদায়ৰ লোকসকল শিলচৰত উপস্থিত হৈছিল। এই লোক সকলক লক্ষীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিন্নকান্দি অঞ্চলৰ এটা অট্টালিকাত আশ্ৰয় প্ৰদান কৰা হৈছে।

মিজোৰামত বর্তমানলৈকে কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। মিজোৰামৰ প্ৰাক্তন উগ্ৰপন্থী সংগঠনে মিজোৰামত বসবাস কৰা মেইটেই সম্প্ৰদায়ৰ লোক সকলক মিজোৰাম এৰি যাবলৈ সকীয়ানি দিছে যদিও জোৰামথাংগা নেতৃত্বাধীন মিজোৰাম চৰকাৰে মেইটেই জনসাধাৰণক সকলো নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছে। মিজোৰামৰ পৰা আহি কাছাৰ জিলাত আশ্ৰয় লোৱা মেইটেই সম্প্ৰদায়ৰ লোক সকলে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে অসমত থাকিব বিচাৰিছে।

অসম আৰক্ষীয়ে এই লোক সকলক সকলো ধৰণৰ নিৰাপত্তা প্ৰদান কৰি আছে। উল্লেখ্য যে মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়তে দুগৰাকী মহিলাক একাংশ দুস্কৃতিকাৰীয়ে উলংগ কৰি ৰাজপথত পেৰেড কৰাই নিৰ্যাতন চলাইছিল। এই জঘন্য ঘটনা যোৱা মে’ মাহৰ ৪ তাৰিখে সংঘটিত হৈছিল আৰু এই জঘন্য ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাৰ লগত জড়িত ৬ জনকৈ অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

বিগত প্ৰায় তিনি মাহ ধৰি গোষ্ঠী সংঘর্ষত জ্বলি আছে মণিপুৰ। দুই সম্প্ৰদায়ৰ সংঘৰ্ষত ১৪০ জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাশতাধিক লোক আহত হৈছে। মণিপুৰ এৰি পলায়ন কৰিছে হাজাৰ হাজাৰ লোকে। গোষ্ঠী সংঘর্ষৰ সময়তো মণিপুৰৰ বহু লোক পলায়ন কৰি অসমত আহি আশ্ৰয় লৈছিল। এইবছৰ মিজোৰামত বসবাস কৰা মেইটেই সম্প্ৰদায়ৰ লোক সকল আশ্ৰয় লৈছে অসমত।