গুৱাহাটী, ১৮ অক্টোবৰ, ২০২৩ : ৰাজ্যৰ শিক্ষক, কৰ্মচাৰী আৰু শিল্পী সমাজক হিতাধিকাৰী আখ্যায়িত কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনলৈ আন এক বেয়া পৰম্পৰা নমাই আনিলে৷ জাতিৰ মেৰুদণ্ড গঢ়াৰ অন্যতম প্ৰধান খনিকৰ শিক্ষক আৰু শিল্পী সমাজক ৰাজহুৱাকৈ অপমান কৰি মুখ্যমন্ত্ৰীয়ে এই দুইটা বৃত্তিধাৰী লোকসকলৰ মনোবল ভাঙি দিয়াৰ ষডযন্ত্ৰ ৰচনা কৰিছে৷ এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ৷

জাতীয়তাবাদী ৰাজনৈতিক দলটোৰ মতে, বিজেপিৰ কেন্দ্ৰীভূত নীতিৰ অংশ স্বৰূপে অসমীয়া জাতীয় সত্বাক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ মূল সেনাপতিৰ ভূমিকাত অৱতীৰ্ণ হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অতি কৌশলেৰে জাতিৰ মনোবল ভাঙিব পৰা কাম আৰম্ভণিৰে পৰা কৰি আহিছে৷ ৰাজ্যৰ শিক্ষা খণ্ডক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ এটা এটাকৈ সফল কৰি এইবাৰ জাতিৰ মেৰুদণ্ড গঢ়াৰ খনিকৰ শিক্ষক আৰু শিল্পী সমাজক অপমানেৰে তেওঁলোকৰ মনোবল ভঙাৰ দৰে গৰ্হিত কাৰ্যত লিপ্ত হোৱাটো উক্ত ৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰে অংশ বিশেষ৷

উল্লেখযোগ্য যে অলপতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী শিক্ষকসকল চৰকাৰৰ হিতাধিকাৰী বুলি মত প্ৰকাশ কৰিছিল৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও মুখ্যমন্ত্ৰীক সমৰ্থন কৰি শিক্ষকসকলক যিহেতু চৰকাৰে দৰমহা দিয়ে, সেয়ে শিক্ষকসকল চৰকাৰৰ হিতাধিকাৰী বুলি যুক্তি দিছিল৷ এই লৈ প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ পিছত এইবাৰ ৰাজ্যৰ শিল্পী সমাজকো হিতাধিকাৰী আখ্যায়িত কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে একো নকৰাকৈ যিসকলে চৰকাৰী অনুগ্ৰহ লাভ কৰে সেইসকল হিতাধিকাৰী৷ কিন্তু যিসকলে যোগ্যতাৰ বলত চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰি শ্ৰমৰ বিনিময়ত দৰমহা পায়, তেওঁলোক হিতাধিকাৰী হ’বই নোৱাৰে৷

আনহাতে চৰকাৰী সুযোগ-সুবিধা অবিহনেই ৰাজ্যৰ শিল্পী সমাজে ভাষা-সংস্কৃতিৰ চৰ্চা কৰি জাতিটোৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে৷ চৰকাৰী অনুগ্ৰহ আশা নকৰাকৈয়ে শিল্পীসকলে কেৱল ৰাইজৰ মৰমকে ভৰসা কৰি অসমীয়া ভাষা-সংস্কৃতিৰ বৰঘৰ শক্তিশালী কৰি ৰাখিছে৷ কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথাটো নজনা নিশ্চয় নহয়৷ তাৰ পিছতো তেওঁ শিক্ষক আৰু শিল্পী সমাজৰ প্ৰতি এনে অপমানসূচক মন্তব্য প্ৰকাশ কৰাৰ কাৰণ হ’ল, শিক্ষক আৰু শিল্পী সমাজেই যিহেতু ভাষা আৰু সংস্কৃতিৰ সাধনা কৰি জাতিটোক জীপাল কৰি ৰাখিছে, সেয়ে শিক্ষক আৰু শিল্পী সমাজৰ মনোবল অটুট থাকে মানে ভাষা-সংস্কৃতিৰ কৰ্ষণ অব্যাহত থাকিব আৰু তেনেদৰে জাতি শক্তিশালী হৈ থাকিব৷

কিন্তু শিক্ষক আৰু শিল্পী সমাজৰ মনোবল ভাঙি দিব পাৰিলেই বিজেপি-আৰ এছ এছৰ ‘এক দেশ এক ভাষা এক জাতি’ নীতি অসমত ফলৱতী কৰিব পৰাটো সহজ হৈ পৰিব৷ উক্ত নীতিৰ অংশ স্বৰূপেই শিক্ষক আৰু শিল্পী সমাজৰ মনোবল ভঙাৰ উদ্দেশ্যেই মুখ্যমন্ত্ৰী তথা অন্য চৰকাৰী বৰমুৰীয়াসকলে এনেদৰে শিক্ষক, কৰ্মচাৰী আৰু শিল্পী সমাজক হিতাধিকাৰীৰে তুলনা কৰি অপমান কৰিছে৷ জাতীয় পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনা কৰা শিক্ষক আৰু শিল্পী সমাজক কৰা এনে অপমানৰ বাবে চৌদিশে নিন্দিত হোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে ক্ষমা নোখোজাটো দুৰ্ভাগ্যজনক৷ ইয়াৰ পৰাই মুখ্যমন্ত্ৰীৰ আচল উদ্দেশ্যৰ কথা সহজেই বুজিব পাৰি৷

মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বেও বিভিন্ন উপলক্ষ্যত শিক্ষক, কৰ্মচাৰী আৰু শিল্পী সমাজক অপমান কৰি অহাৰ প্ৰসংগ দোহাৰি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয় যে যি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সমাজ গঢ়াৰ খনিকৰ শিক্ষকসকলক পদে পদে অপমান কৰে আৰু ভাষা-সংস্কৃতিৰ সাধক শিল্পী সমাজৰ অৱদানৰ মূল্য দিব নাজানে, সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰখনক ক্ষমতাৰ পৰা উৎখাত কৰাটো সময়ৰ আহ্বান৷