গুৱাহাটী, ১৮ অক্টোবৰ, ২০২৩ : আন এটা নতুন স্থানত মুকলি কৰা কৰা হ’ল গুৱাহাটী মহানগৰীত (Guwahati City) প্ৰাচ্যৰ সুস্বাদু খাদ্যৰ সোৱাদ বিলাই খাদ্যপ্ৰেমীৰ মাজত জনপ্ৰিয় হৈ পৰা ‘ফেট বেলী’ৰ ৰেষ্টুৰেণ্ট। ‘ফেট বেলী’য়ে গুৱাহাটীৰ নিকটৱৰ্তী অঞ্চলত তেওঁলোকৰ দশমখন ৰেষ্টুৰেণ্ট মুকলি কৰাৰ লগতে একেটা ষ্টাৰ্টআপৰ পৰা মুকলি কৰা হয় উত্তৰ ভাৰতীয় খাদ্য আৰু জনগোষ্ঠীয় অসমীয়া থালিৰ বাবে সুপৰিচিত ‘নানিহাল’ৰ তৃতীয়খন আউটলেট।

গুৱাহাটীৰ নিকটৱৰ্তী ৰাণী গেটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত ডেকাথলনৰ বিপৰীতে অৱস্থিত এই নতুন ৰেষ্টুৰেণ্টখন হৈছে ফেট বেলী গ্ৰুপৰ দশমখন আউটলেট। ইতিমধ্যে গুৱাহাটীৰ কেইবাটাও স্থানৰ উপৰি যোৰহাট আৰু তিনিচুকীয়াতো আউটলেট মুকলি কৰি খাদ্যপ্ৰেমীৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছে ফেট বেলী। ৰাণী গেটৰ ৰেষ্টুৰেণ্টখনত ফেট বেলীয়ে অঞ্চলটোৰ খাদ্যপ্ৰেমীসকলক সমগ্ৰ এছিয়াৰ সুস্বাদু খাদ্য সম্ভাৰৰ জুতি প্ৰদান কৰাৰ লগতে গ্ৰাহকৰ বাবে বিভিন্ন ধৰণৰ মকটেইল, শ্বেক আৰু ডেজাৰ্টৰো ব্যৱস্থা কৰিছে।

উল্লেখ্য যে, বিমানবন্দৰ আৰু ৰাণী গেট এলেকাৰ খাদ্যপ্ৰেমীসকলে পূৰ্বে এছিয়ান খাদ্যৰ জুতি ল’বলৈ হ’লে জালুকবাৰীৰ ফেট বেলী আৰু নানিহালৰ আউটলেটলৈ আহিব লাগিছিল। সেয়েহে বাবে খাদ্যপ্ৰেমীসকলে সহজে ঢুকি পাব পৰা অৱস্থাত ফেট বেলীৰ খাদ্য উপলব্ধ কৰাৰ অনুৰোধ জনাই আহিছিল। এতিয়া ফেট বেলীৰ লক্ষ্য হৈছে তেনে।খাদ্যপ্ৰেমীসকলক সেৱা আগবঢ়োৱা। ৰাষ্ট্ৰীয় ঘাইপথৰ ডেকাথলনৰ বিপৰীতে থকা এই নতুন আউটলেটখনে ফেট বেলীৰ আটাইতকৈ জনপ্ৰিয় মোমোৰ লগতে এছিয়ান খাদ্য খাদ্যপ্ৰেমীসকলক পৰিৱেশন কৰিব। ইয়াৰ লগতে উত্তৰ ভাৰতীয় খাদ্যসম্ভাৰৰ লগতে নানিহালৰ জনগোষ্ঠীয় অসমীয়া থালিও খাদ্যৰসিক অতিথিসকলক পৰিবেশন কৰা হ’ব।

আউটলেটখনৰ শুভ উদ্বোধন কৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰশিক্ষণ আৰু নিযুক্তি বিভাগৰ প্ৰাক্তন অধ্যক্ষ তথা অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰই।আউটলেটখনৰ অনন্য খাদ্য সম্ভাৰৰ বিষয়ে অৱগত কৰি আউটলেটৰ সহযোগী পৰীক্ষিত ভট্টাচাৰ্য্য, ধীৰাজ কুমাৰ ডেকা, অংকুৰ চন্দ্ৰ বড়ো আৰু নৱনীল গোস্বামীয়ে তেওঁলোকে আগবঢ়োৱা বিভিন্ন সুস্বাদু খাদ্য স্থানীয় লোক আৰু ভ্ৰমণকাৰীসকলে উপভোগ কৰিবলৈ সক্ষম হ’ব বুলি বিশ্বাস ব্যক্ত কৰে। উল্লেখ্য যে, গুৱাহাটীৰ পৰিচয়সদৃশ দীঘলীপুখুৰীৰ পাৰৰ পৰা আৰম্ভ হৈছিল এই আউটলেটৰ যাত্ৰা। আন এটা আমোদজনক কথা হ’ল ফেট বেলীৰ ৰাণী গেটৰ আউটলেটৰ অংশীদাৰ আটাইকেইগৰাকীয়েই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এসময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ওলাই অহা অভিযন্তা আছিল।

১০০ ৰো অধিক সুকীয়া সোৱাদৰ মোমোৰ লগতে অন্যান্য প্ৰাচ্যদেশীয় খাদ্যসম্ভাৰেৰে ২০১৭ চনৰ পৰাই খাদ্যপ্ৰেমীৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ফেট বেলীয়ে। অংশীদাৰ পৰীক্ষিত ভট্টাচাৰ্য্য, ধীৰাজ কুমাৰ ডেকা আৰু মঞ্জিতা কলিতা চৌধুৰীৰ তত্ত্বাৱধানত ৰেষ্টুৰেণ্টখনে স্থানীয় খাদ্যৰসিকৰ হৃদয়ত ইতিমধ্যে দখল কৰিবলৈ সক্ষম হৈছে এক সুকীয়া স্থান। ফেট বেলীৰ নিৰ্ভৰযোগ্য সোৱাদ আৰু খাদ্যই ক্ৰমাৎ বৃদ্ধি কৰিছে ৰেষ্টুৰেণ্টখনৰ পৰিসৰো। দীঘলীপুখুৰী, উজান বজাৰ, চানমাৰী কমাৰ্চ কলেজ পইণ্ট, বেলতলা, জালুকবাৰী, লালালগণেশ, আজাৰা, যোৰহাট আৰু তিনিচুকীয়াৰ লগতে এতিয়া ৰাণী গেটতো খাদ্যৰসিকক সুস্বাদু খাদ্যৰ জুতি দিবলৈ সাজু হৈছে ফেট বেলী। একেটা গ্ৰুপৰ পৰা পৰিৱেশন কৰা উত্তৰ ভাৰতীয় খাদ্যসম্ভাৰৰ উৎকৃষ্টস্থলী নানিহাল উপলব্ধ হৈছে ফেট বেলীৰ জালুকবাৰী আৰু আজাৰাৰ চৌহদতো।