গুৱাহাটী, ১৪ জুন, ২০২৩ : “নিজৰ দক্ষতাৰ ওপৰত অগাধ বিশ্বাস থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) হঠাতে ৰাইজৰ ভাগ্য অদৃশ্যৰ হাতলৈ ঠেলি দিলে কিয়?” এই প্ৰশ্ন অসম জাতীয় পৰিষদৰ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পানীৰ পাইপ বিস্ফোৰণৰ প্ৰসংগত ‘কিছুমান কাম মানুহে কৰো বুলি নকৰে, হৈ যায়’ বুলি মন্তব্য কৰি বিতৰ্কিত পানী যোগান প্ৰকল্প নিৰ্মাণৰ দুৰ্নীতি আৰু আসোঁৱাহৰ দায় অদৃশ্য শক্তিৰ হাতত অৰ্পন কৰাৰ বুলি অসম জাতীয় পৰিষদে প্ৰশ্ন উত্থাপন কৰিছে।

উল্লেখযোগ্য যে ১৮ দিনৰ ব্যৱধানত গুৱাহাটীৰ পানীৰ পাইপত দুটা বৃহৎ আৰু কমেও আন চাৰিটা মজলীয়া ধৰণৰ বিস্ফোৰণ সংঘটিত হোৱা প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয়, ”কিছুমান কাম মানুহে কৰো বুলি নকৰে, হৈ যায়। ইয়াক দুৰ্ঘটনা বুলিও ক’ব পাৰে, ভাগ্য বেয়া বুলিও ক’ব পাৰে। পাইপসমূহ ১০ বছৰ আগতে লগোৱা হৈছে। তেতিয়াৰ কোন অভিযন্তা আছিল, কোন মানুহ আছিল বিচাৰি তদন্ত কৰি লাভ নাই। তেওঁলোকক বিচাৰি আনি কিবা এটা কোৱাও সম্ভৱ নহয়। পানীৰ পাইপসমূহ পৰীক্ষা কৰাত অসুবিধা আছে। আটাইবোৰ পাইপ পৰীক্ষা কৰিবলৈ পুনৰ গুৱাহাটীখন খান্দিব লাগিব।”

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উক্ত বক্তব্যক দায়িত্বহীন আৰু বেপেৰুৱা আখ্যা দি জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে মুখ্য সচিবৰ পৰা পিয়নলৈ আৰু ডি জি পিৰ পৰা কনিষ্টবললৈ সকলোৰে কাম নিজে কৰা বুলি জহাই ফুৰা মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বিপদৰ সময়ত হঠাতে এনেকৈ মুৰ পোলোকা মৰাটো পলায়নবাদী মানসিকাতৰ পৰিচায়ক৷ দহ বছৰ আগত যি পাইপ পোতা হৈছিল, সেয়া হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন বিভাগৰ (জি ডি ডি) মন্ত্ৰী হৈ থকা দিনৰ সিদ্ধান্ত মৰ্মেহে কৰা হৈছিল৷ গুৱাহাটীৰ চাৰিওটা নিৰ্মিয়মান পানী যোগান প্ৰকল্প ডঃ হিমন্ত বিশ্ব শৰ্মা জি ডি ডি মন্ত্ৰী হৈ থাকোতে তেওঁৰে উদ্যোগত আৱন্টন আৰু নিৰ্মাণ আৰম্ভ হৈছিল৷ ঠিকা আৱন্টনৰ কামো তেওঁৰে কাৰ্যকালত সম্পাদন হৈছিল৷ সেই সময়তে জাইকা আৰু লুই বাৰ্জাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উঠিছিল৷ গতিকে কামত অনিয়ম, গাফিলতি বা আসোঁৱাহৰ দায়িত্ব সেই সময়ৰ বিভাগীয় মন্ত্ৰী হিচাপে তেওঁ লবই লাগিব৷

জাতীয় পৰিষদৰ নেতাদ্বয়ে মুখ্যমন্ত্ৰীক উভতি ধৰি কয়, “মুখ্যমন্ত্ৰীয়ে সেই সময়ৰ বিষয়া-অভিযন্তাক বিচাৰিব নালাগে বুলি কোৱাৰ কাৰণ কি? চৰকাৰী কামত বিষয়া-অভিযন্তাই গাফিলতি বা অনিয়ম কৰিলে অৱসৰৰ পিছতো জৱাবদিহী কৰাৰ অজস্ৰ উদাহৰণ আছে৷ এইটোয়েই নিয়ম৷ কিন্তু মুখ্যমন্ত্ৰীয়ে সেই সময়ৰ বিষয়া-অভিযন্তাক জৱীবদিহী কৰিবলৈ দিব নিবিচৰাৰ কাৰণ এইটো নেকি যে সেইসকলক প্ৰশ্ন কৰিলে জেলোঙাৰ মেকুৰী ওলাই যোৱাৰ ভয় আছে?” লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই পুনৰ ন্যায়িক তদন্ত আৰু কাৰিকৰী বিশেষজ্ঞ সমিতিৰ দ্বাৰা পানী যোগানৰ সমগ্ৰ ব্যৱস্থাৱলীৰ গুণগত মান পৰীক্ষা কৰোৱাৰ দাবী দোহাৰি কয় যে জনসাধাৰণৰ জীৱন আৰু ৰাজহুৱা সম্পত্তি সুৰক্ষাৰ স্বাৰ্থত উক্ত পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী৷

“কিয়নো মুখ্যমন্ত্ৰীৰ মতে পাইপ পোতাত ৰৈ যোৱা আঁসোৱাহৰ দায় অদৃশ্যৰ হাতলৈ ঠেলি দিলে ভৱিষ্যতে ঘটিব পৰা একে ধৰণৰ অঘটনৰ দায়িত্ব কোনে লব?” লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই প্ৰশ্ন কৰে৷ উল্লেখ্য কিছুদিন পূৰ্বে মহানগৰীৰ খাৰঘুলি অঞ্চলৰ জয়পুৰত পানীৰ পাইপত বিস্ফোৰণ ঘটি অঞ্চলটোত এক বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। পানীৰ ঢৌৱে উটুৱাই নিছিল বহু লোকৰ ঘৰ। পথৰ ওপৰত থকা বাহনসমূহ পানীৰ প্ৰচণ্ড ঢৌত উটি গৈ ক্ষতিগ্ৰস্ত হৈছিল। উক্ত ঘটনাৰ এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হৈছিল কেইবাগৰকী লোক। এই ভয়াবহ ঘটনা সোমবাৰে (১২ জুনত) পুনৰ সংঘটিত হয় জু-ৰোড আৰু ৰাজগড় সংযোগী পথত। ফলত অঞ্চলটোত বিস্তৰ ক্ষতি সাধন হৈছিল।