মৰিগাঁও, ১৩ জুন, ২০২৩ : কইনা নিবলৈ আহিছিল দৰা। কইনা নিবলৈ আহি দৰাই দাবী কৰিলে পালচাৰ বাইক (Dowry Demand)। কইনা ঘৰৰ লোকৰ ৰোষত পৰিল দৰা ঘৰৰ লোক। দৰাক আৱদ্ধ কৰি জবাবদিহি কৰিলে কইনা ঘৰৰ লোকে। অৱশেষত কইনা অবিহনে ৰভাস্থলীৰ পৰা বিদায় ল’লে দৰাই।

যৌতুকৰ বাবে ভাঙিল বিবাহ। ৰাভাঘৰত উপস্থিত হৈ দৰাই কইনা ঘৰৰ লোকৰ পৰা দাবী কৰিলে যৌতুক। পালচাৰ বাইক আৰু ফাৰ্নিচাৰ নিদিলে কইনা এৰি যোৱাৰ ধমক। দৰাৰ পিতৃ-মাতৃ আৰু ভনী জোঁৱাই কইনাৰ পিতৃক ফোন কৰি ধমক দিয়ে যৌতুক নিদিলে বিয়া নকৰে বুলি। ইয়াৰ পিছতে কইনা ঘৰৰ লোকৰ ৰোষত পৰে দৰা আৰু দৰাৰ পিতৃ।

এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰীত। নগাঁও জিলাৰ চতিয়ান গাঁৱৰ তফিৰুদ্দিন ইছলাম নামৰ এজন লোকৰ পুত্ৰ জহিৰুল ইছলামৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এগৰাকী যুৱতীৰ সৈতে বিয়াৰ সকলো আয়োজন সম্পূৰ্ণ হৈছিল। কিন্তু বিয়া কৰিবলৈ আহি দৰা ঘৰৰ লোকে যৌতুকত পালচাৰ বাইক আৰু ফাৰ্নিচাৰ দাবী কৰাত কইনাৰ পিতৃৰ মূৰত আকাশ ভাঙি পৰে।

কইনাৰ অতিকৈ দুখীয়া পিতৃ উপায়হীন হৈ পৰে আৰু অথন্তৰ লাগে বিয়া ঘৰত। কইনা ঘৰৰ লোকে দৰা ঘৰৰ লোকক আৱদ্ধ কৰি জবাবদিহি কৰে আৰু কেইনাৰ মতামত অনুসৰি ৰভাঘৰৰ পৰা দৰাক ঘূৰাই পঠায়।এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্র চাঞ্চল্যৰ।