গুৱাহাটী, ১৪ জুন, ২০২৩ : অৱশেষত দায়িত্ব গ্ৰহণ কৰিবলৈ আগুৱাই আহিল চিবিআই। জোনমণি ৰাভাৰ মৃত্যুৰ (Joonmani Rabha Death Case) গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিলে চিবিআইয়ে। ১২ জুনত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙ নতুন দিল্লীস্থিত চিবিআইৰ কাৰ্যালয়ত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল। এই আলোচনাৰ পিছতে চিবিআইয়ে তদন্তৰ দায়িত্ব গ্ৰহণ কৰে।

অৱশেষত সকলো জলপান কল্পনাৰ অন্ত পেলাই চিবিআই আগবাঢ়ি আহিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ। বুধবাৰে (১৪ জুন) চিবিআইয়ে জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰে। উল্লেখ্য যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ জখলাবন্ধাত এক ৰহস্যজনক পথ দুর্ঘটনাত মৃত্যু হৈছিল। জোনমণি ৰাভাৰ এই মৃত্যুক সহজে মানি লোৱা নাছিল জোনমণি ৰাভাৰ মাতৃয়ে।

জোনমণি ৰাভাক হত্যা কৰা হৈছিল বুলি জোনমণি ৰাভাৰ মাতৃয়ে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছিল।জোনমণি ৰাভাৰ মৃত্যুৰ লগত আৰক্ষীৰ লোক জড়িত থকাৰো অভিযোগ উত্থাপন কৰিছিল জোনমণি ৰাভাৰ মাতৃয়ে। ইয়াৰ পিছতে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল চিআইডিৰ হাতত কিন্তু জোনমণি ৰাভাৰ পৰিয়ালৰ লগতে বিভিন্নজনে চিবিআইৰ দ্বাৰা তদন্তৰ দাবী জনাই অহাত অসম চৰকাৰে চিবিআইক তদন্ত দিয়াৰ কথা ঘোষণা কৰিছিল।

অসম চৰকাৰৰ ঘোষণাৰ পিছত কিন্তু চিবিআইৰ ফালৰ পৰা জোনমণি ৰাভাৰ তদন্তৰ ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি অহা নাছিল আৰু ইয়াকে লৈ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছিল। ইয়াৰ মাজতে ১২ জুনত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙ নতুন দিল্লীস্থিত চিবিআইৰ কাৰ্যালয়ত উপস্থিত হৈ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল। অৱশেষত বুধবাৰে (১৪ জুন) চিবিআইয়ে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত গ্ৰহণ কৰে।

উল্লেখ্য যে সন্দেহজনক পথ দুর্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ পিছতে পোহৰলৈ আহিছিল ৰাজ্যত চলি থকা নকল সোণ আৰু জাল নোট চক্ৰৰ ভয়াবহ তথ্য। এই নকল সোণ আৰু জাল নোট চক্ৰই জোনমণি ৰাভাক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল। নকল সোণ আৰু জাল নোট চক্ৰৰ লগত আৰক্ষীৰ লোকো জড়িত থকাৰ এক গুৰুত্বৰ অভিযোগো উত্থাপন হৈছিল। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ  ৰহস্যজনক পথ দুর্ঘটনাত হোৱা মৃত্যুৱে ৰাজ্যৰ লগতে সমগ্ৰ দেশতে সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ।