গোৱালপাৰা, ১২ জুন, ২০২৩ : অৱশেষত পোহৰলৈ আহিল বিজেপি নেত্ৰী জোনালী নাথৰ মৃত্যুৰ ৰহস্য। অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি জোনালী নাথৰ মৃত্যু (Jonali Nath murder due to Illegal affair)। জোনালী নাথৰ হাচানুৰ ইছলামৰ লগত আছিল অবৈধ প্ৰেম। হাচানুৰ ইছলামৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল জোনালী নাথৰ। কাজিয়াৰ মাজতে হাচানুৰ ইছলামৰ আক্ৰমণত মৃত্যু হয় জোনালী নাথৰ।

দেওবাৰে নিশা গোৱালপাৰা জিলাৰ কৃষ্ণইত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হৈছিল জোনালী নাথ নামৰ গোৱালপাৰা জিলাৰ বিজেপি নেত্ৰীৰ মৃতদেহ। ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সন্দেহ প্ৰকাশ কৰা হৈছিল যে জোনালী নাথৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয়, ই এক হত্যাকাণ্ড। বহুতে আকৌ ধর্ষণ কৰি জোনালী নাথক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল। অৱশেষত ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে জোনালী নাথৰ মৃত্যুৰ আঁৰত লুকাই থকা সকলো প্ৰশ্নৰ উত্তৰ লাভ কৰিবলৈ সক্ষম হ’ল।

দেওবাৰে নিশা জোনালী নাথৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। আৰক্ষীয়ে লাভ কৰা কিছু তথ্যৰ ভিত্তিত হাচানুৰ ইছলাম নামৰ এজন যুৱকক আটক কৰি জেৰা আৰম্ভ কৰিছিল। আৰক্ষীৰ জেৰাত হাচানুৰ ইছলামে মুখ খোলাত পোহৰলৈ আহে জোনালী নাথৰ মৃত্যুৰ আঁৰৰ ভয়ংকৰ ৰহস্য। আৰক্ষীৰ জেৰাত হাচানুৰ ইছলামে স্বীকাৰ কৰে যে অবৈধ প্ৰেমৰ বাবেই হাচানুৰ ইছলামে জোনালী নাথক হত্যা কৰা বুলি।

গোৱালপাৰা আৰক্ষী আৰু চি আই ডিয়ে যৌথভাৱে এক সংবাদ মেল অনুষ্ঠিত কৰি জানিবলৈ দিয়ে যে প্ৰেমজনিত কাৰণতে হাচানুৰ ইছলামে জোনালী নাথক নিজৰ গাড়ীৰ ভিতৰত ঘুঁচিয়াই হত্যা কৰি পথৰ দাঁতিত পেলাই থৈছিল। হাচানুৰ ইছলামৰ লগত জোনালী নাথৰ দীর্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। শেহতীয়াকৈ হাচানুৰ ইছলামৰ আন এগৰাকী যুৱতীৰ লগত বিয়াৰ কথা চলি থকাত জোনালী নাথ খঙত অগ্নিশৰ্মা হৈ উঠিছিল।

দেওবাৰে মাটিয়াৰ পৰা হাচানুৰ ইছলামৰ গাড়ীত উটি ওলাই আহিছিল জোনালী নাথ। গাড়ীতে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু হাচানুৰ ইছলামে খঙতে জোনালী নাথক মূৰত, ডিঙিত আক্ৰমণ কৰে। হাচানুৰ ইছলামৰ আক্ৰমণত জোনালী নাথৰ মুখৰ পৰা তেজ ওলায় আৰু মৃত্যুৰ মুখত পৰে। আৰক্ষীয়ে হাচানুৰ ইছলামক আদালতত হাজিৰ কৰি ১৪ দিনৰ বাবে জিম্মাত বিচাৰে যদিও আদালতে ৫ দিনৰ বাবে হাচানুৰ ইছলামক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ গোৱালপাৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।