বোকাজনা : এইবাৰ বোকাজনা আৰক্ষীৰ জালত পৰিল সোণ সৰবৰাহকাৰী। প্ৰায় ৪ কোটি টকাৰ মূল্যৰ সোণসহ বোকাজনা আৰক্ষীৰ জালত পৰিল মণিপুৰৰ দুজন সোণ সৰবৰাহকাৰী। চাৰিচকীয়া বাহনৰ চকাৰ কাষত লুকুৱাই আনিছিল সোণৰ ৪৯ টা টুকুৰা। গুৱাহাটী অভিমুখে আহি আছিল বাহনখন।

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্রতৰ কৰি তোলাৰ পিছৰে পৰা বোকাজনা আৰক্ষীয়ে এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে। বিগত সময়ছোৱাত বোকাজনা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাইছে।

এইবাৰ ড্ৰাগছৰ পৰিবৰ্তে বোকাজনা আৰক্ষীৰ জালত পৰিল সোণ সৰবৰাহকাৰী। শনিবাৰে নিশা বোকাজনাৰ ডিলাই আৰক্ষীয়ে নাকা তালাচী চলাই এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰে ৪৯ টকা সোণৰ টুকুৰা। সোণৰ টুকুৰাখিনিৰ ওজন ৮ কেজি আৰু ইয়াৰ বজাৰ মূল্য প্ৰয়া ৪ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নিশা ডিলাই আৰক্ষীয়ে নাকা তালাচীৰ চলাই থকা সময়ত দুজন লোক এএছ-০১-ইভি-২৩৫০ নম্বৰৰ এখন চাৰিচকীয়া বাহনত আহি থকা দেখি আৰক্ষীয়ে বাহনখনক ৰখাই বাহনখনত তালাচী চলাই। তালাচীত বাহনখনৰ চকাৰ কাষৰ পৰা আৰক্ষীয়ে ৪৯ টা সোণৰ টুকুৰা উদ্ধাৰ কৰে।

আৰক্ষীয়ে সোণৰ টুকুৰাখিনি জব্দ কৰি লোক দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন মণিপুৰৰ থাউবালৰ প্ৰকাশ বাচনেট আৰু সেনাপতিৰ সুভাষ বিষ্টা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সোণ সৰবৰাহকাৰী দুজনে সোণখিনি গুৱাহাটীলৈ আনি থকা বুলি আৰক্ষীক জানিবলৈ দিয়ে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে লোক দুজনক জেৰা চলাই আছে বুলিও জানিব পৰা গৈছে।