গুৱাহাটী : আসন্ন লোকসভা নিৰ্বাচনকলৈ টঙালি বান্ধিছে আঞ্চলিক দল অসম জাতীয় পৰিষদে (AJP)। লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি হিচাপে অসমৰ ১১ টা লোকসভা সমষ্টিত দলীয় পৰ্যবেক্ষক নিযুক্ত কৰিছে অসম জাতীয় পৰিষদে।

দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ দ্বাৰা স্বাক্ষৰিত দলীয় অধিসূচনা মতে, ডিব্ৰুগড় সমষ্টিত ৰাজু ফুকনে তত্বাৱধায়ক আৰু সঞ্জয় দেব তথা শোভাকৰণ কোহাঞিয়ে সহ-তত্বাধায়ক হিচাপে দায়িত্ব পালন কৰিব। একেদৰে লক্ষীমপুৰ সমষ্টিত তত্বাৱধায়ক মাণিক গগৈ, সহ-তত্বাৱধায়ক কাষ্টম বসুমতাৰী আৰু দীপ পেগু, যোৰহাট সমষ্টিত তত্বাৱধায়ক অনুপ ফুকন, সহ-তত্বাৱধায়ক ডঃ দিলীপ ভূঞাক দায়িত্ব প্ৰদান কৰা হৈছে।

কলিয়াবৰ সমষ্টিত তত্বাৱধায়ক বাণী দাস আৰু সহ-তত্বাৱধায়ক মৌচুমী শৰ্মা, নগাঁও সমষ্টিত তত্বাৱধায়ক জিয়াউৰ ৰহমান আৰু সহ-তত্বাৱধায়ক সঞ্জীৱ কুমাৰ বৰা। মঙলদৈ সমষ্টিত তত্বাৱধায়ক অঞ্জন উপাধ্যায় আৰু সহ-তত্বাৱধায়ক হুকুম চান আলী বক্সি, তেজপুৰ সমষ্টিত তত্বাৱধায়ক জান বৰা আৰু সহ-তত্বাৱধায়কৰ দায়িত্ব থাকিব অজয় তাঁতীৰ কান্ধত।

গুৱাহাটী সমষ্টিত তত্বাৱধায়ক চমছেৰ সিং আৰু সহ-তত্বাৱধায়ক হিচাপে থাকিব পঙ্কজ লোচন গোস্বামী। বৰপেটা সমষ্টিত প্ৰিন্স ফাইজল হক তত্বাৱধায়ক আৰু গিৰীণ তালুকদাৰ সহ-তত্বাৱধায়ক, ধুবুৰী সমষ্টিত তত্বাৱধায়ক দুলু আহমেদ আৰু শিশিৰ দেব কলিতা সহ-তত্বাৱধায়ক, কোকৰাঝাৰ সমষ্টিত মানিক বড়ো তত্বাধায়ক আৰু ৰূপম দাস সহ-তত্বাৱধায়ক হিচাপে থাকিব।

উক্ত পৰ্যবেক্ষকক এসপ্তাহৰ ভিতৰত সাংগঠনিক সভা আহ্বান কৰি সমষ্টিসমূহত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাম হাতত লবলৈ নিৰ্দেশ দিছে৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আঞ্চলিক দল অসম জাতীয় পৰিষদৰ জন্ম হৈছিল। যোৱা বিধানসভা নিৰ্বাচনত দলটোৱে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাছিল যদিও আসন্ন লোকসভা নিৰ্বাচনকলৈ দলটোৱে প্ৰস্তুতি চলাই আছে।