যোৰহাট : বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত (Jorhat Fire) তিনি শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান। বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাৰ। বৰ্তমানেও নিৰ্বাপন হোৱা নাই জুই। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীছে জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে।

বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত তিনি শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় যোৰহাট চহৰৰ চ’ক বজাৰত। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ দুঘণ্টাৰ ভিতৰতে চ’ক বজাৰৰ তিনি শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায়। অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়।

ইফালে স্থানীয় লোকে অভিযোগ কৰে যে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। জুই নিৰ্বাপন কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ লগতে অ এন জি চি আৰু বায়ু সেনাৰ গাড়ীও ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়। জানিব পৰা মতে অগ্নি নিৰ্বাপক বাহিনীৰ ২৪ খনকৈ গাড়ী উপস্থিত হয় ঘটনাস্থলীত।

নিশাৰ ভাগৰ পৰাই জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত আছে যদিও এতিয়াও সম্পূৰ্ণৰূপে জুই নিৰ্বাপন হোৱা নাই। বিদ্যুৎ বিজুতিৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে পূৰ্বেও যোৰহাটৰ চ’ক বজাৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। কিছুদিন পূৰ্বে যোৰহাটৰ ঠাকুৰবাৰীটো এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।