নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : প্ৰয়োজনীয় টকাৰ অভাৱৰ বাবে ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছতো অৱহেলিত হৈ ৰৈছে এগৰাকী প্ৰতিভাৱান অসম কন্যা। চৰকাৰেও গুৰুত্ব দিয়া নাই এই গৰাকী অসম কন্যাৰ ওপৰত । এই প্ৰতিভাবান অসম কন্যা গৰাকীৰ নাম দীপশিখা ৰাভা। ঘৰ ওৰাংৰ নাহৰবাৰী গাঁৱত।

অতি দৰিদ্ৰ পৰিয়ালৰ দীপশিখা ৰাভাৰ ক্ৰীড়া জগতত প্ৰতিভা থকা স্বত্বেও থমকি ৰব লগীয়া হৈছে । অষ্টম শ্ৰেণীৰ পৰাই ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিং, ৰাষ্ট্ৰীয় পেনচক চিলাট চেম্পিয়নশ্বিপৰ লগতে বিভিন্ন প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে দিপশিখা ৰাভাই। ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও স্বৰ্ণ পদক লাভ কৰিছে দীপশিখা ৰাভাই। কিন্তু বিদেশত খেলাৰ সুবিধা পোৱাৰ পাছতো অংশগ্ৰহণ কৰিব নোৱাৰিলে দীপশিখাই।

সম্প্ৰতি দিপশিখা ৰাভা কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰী। ইফালে ঘৰৰ সকলো মাটি-সম্পত্তি দীপশিখাৰ খেলাৰ নামত বন্ধকত দিছে পিতৃয়ে। কন্যাৰ খেলাৰ বাবে বহুতো ধাৰ-ঋণ পৰিশোধ কৰিব নোৱাৰি বহিঃ ৰাজ্যৰ কোম্পানীত কাম কৰিছে দীপশিখাৰ পিতৃ-মাতৃয়ে। বহুতো প্ৰতিভাৰ অধিকাৰী দীপশিখাই এতিয়ালৈ লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য্য। কাৰোবাৰ চকু পৰিবনে এইগৰাকী অসম কন্যাৰ ওপৰত।