দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৯ অক্টোবৰ : শুকুৰবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এ এছ-০১-এল চি-৫২৪৪ নম্বৰৰ তীব্র বেগী বালি ভৰ্তি ট্ৰাক খনে মিৰ্জাৰ ফালৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা ডব্লিউ বি-৬১-এ-৬০৬৬ নম্বৰৰ তীব্ৰ বেগী মালবাঁহী ট্ৰাক খনে গুৱাহাটী পৰা গোৱালপাৰা অভিমুখে গৈ থকা অৱস্থাত তীব্ৰ মুখা-মুখি সংঘৰ্ষ হয় ।

দুৰ্ঘটনাটোত থিতাতে ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক আহত হয় । আহতলোকজনক সংকতজনক অৱস্থাত নিশাই জি এম চি এইছলৈ প্ৰেৰণ কৰে ।

মৃত লোক কেইজনৰ ৩ জন বালি কঢ়িওৱা ট্ৰাকৰ আৰু ১ জন মালবাহি ট্ৰাকৰ বুলি জানিব পৰা গৈছে আনহাতে আহতজনও মালবাহি ট্ৰাকৰ ।

নিশা ঘটনাস্থলীত পলাশবাৰীৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি পলাশবাৰী থানা লৈ অনাৰ লগতে দুয়োখন গাড়ী উদ্ধাৰ কৰি পথচোৱা মোকলাই দিয়ে ।

উল্লেখযোগ্য যে পৰিবহণ বিভাগে যান বাহনৰ ক্ষেত্ৰত বহু কেইটা আইন প্ৰণয়ন কৰিছে যদিও সেই আইনক কেৰেপ নকৰি নিজৰ ময়মাতালিতে গাড়ী চলাই আছে বালিৰ ট্ৰাক আৰু অন্যান্য ট্ৰাক সমূহে । বিশেষ কৈ আৰক্ষী প্ৰশাসন ব্যৰ্থ অবৈধ ভাৱে চলা বালি ট্ৰাক সমূহক নিয়ন্ত্ৰণ কৰাত ।