গুৱাহাটী : অসমৰ পৰিৱেশবিদে লাভ কৰিলে সন্মানীয় এচিআই এছিয়া-পেচিফিক বঁটা। অসমৰ পৰিৱেশবিদ ৰেকিবুদ্দিন আহমেদে লাভ কৰিছে ২০২২ বৰ্ষৰ এচিআই এছিয়া-পেচিফিকৰ দ্বাৰা ঘোষণা কৰা সন্মানীয় ইয়ং এক্সিকিউটিভ বঁটা। বিগত ২৮ এপ্ৰিলত এই বঁটা ঘোষণা কৰা হৈছে। দৰং জিলাৰ দলগাঁও নিবাসী ৰেকিবুদ্দিন আহমেদ বৰ্তমান দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডত পৰিৱেশ দপ্তৰৰ প্ৰবন্ধক হিচাপে কৰ্মৰত হৈ আছে। 

এয়াৰপ’ৰ্ট কাউন্সিল ইণ্টাৰনেচনেল এছিয়া-পেচিফিক হৈছে বিমানবন্দৰৰ এক বিশ্বব্যাপী সংস্থা, যিয়ে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে বিমানবন্দৰৰ হৈ প্ৰতিনিধিত্ব কৰে। ২০০৯ চনৰ পৰা আৰম্ভ কৰা এই ইয়ং এক্সিকিউটিভ বঁটা প্ৰদানৰ এই উদ্যোগে এছিয়া-প্ৰশান্ত মহাসাগৰীয় আৰু মধ্য প্ৰাচ্য বিমানবন্দৰ সমুদায়ৰ যুৱ পেছাদাৰীসকলৰ পৰা উদ্ভাৱনী ধাৰণা আৰু সৰ্বশ্ৰেষ্ঠ পদ্ধতি উপস্থাপনত উদগনি দি আহিছে। এই বছৰ, উপস্থাপন কৰা বিষয়টো আছিল-“অঞ্চলটোৰ পৰিৱৰ্তনশীল জলবায়ুৰ সৈতে বিমানবন্দৰসমূহক খাপ খুৱাই লোৱা”।

ৰেকিবুদ্দিন আহমেদে দাখিল কৰা নথিত ব্যতিক্ৰমী গৱেষণা, বিশ্লেষণ আৰু উপযুক্ত পদক্ষেপৰ বিভিন্ন দিশ উপস্থাপন কৰা হৈছিল। ইয়াত লগতে যাতায়াতৰ এক অধিক বহনক্ষম আৰু স্থিতিস্থাপক মাধ্যম হোৱাত বিমান খণ্ডৰ ব্যাপক অৰিহণাৰ বিষয়েও উল্লেখ কৰা হৈছে। উল্লেখ্য যে ৰেকিবুদ্দিন আহমেদে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পূৰ্বে দৰং জিলাৰ দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত ডেৰাডুনৰ ইউপিইএছৰ পৰা শক্তি প্ৰণালী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে আৰু দিল্লীৰ আইআইটিৰ পৰা শক্তি আৰু পৰিৱেশত এম. টেক সম্পূৰ্ণ কৰে।

ৰেকিবুদ্দিন আহমেদক এচিআই ৱৰ্ল্ড গ্লোবেল ট্ৰেইনিং এয়াৰপৰ্ট অপাৰেচন ডিপ্লোমা কাৰ্যসূচীৰ তৰফৰ পৰা নগদ পুৰস্কাৰ আৰু বৃত্তি প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে ইয়াৰ শিক্ষণ আৰু বিকাশৰ প্ৰচেষ্টাৰ সমৰ্থনত যিকোনো এচিআই গ্লোবেল ট্ৰেইনিং লিডাৰশ্বিপ এণ্ড মেনেজমেণ্ট প্ৰফেচনেল চাৰ্টিফিকেট পাঠ্যক্ৰমৰ বাবে অতিৰিক্ত বৃত্তি লাভ কৰিব। স্মৰ্তব্য যে এই কাৰ্যসূচীৰ বিচাৰিক হিচাপে থকা ফ্ৰেঞ্চ পলিনেছিয়াৰ এৰোপোৰ্ট ডি তাহিতিৰ সঞ্চালক প্ৰধান জিন-মিশেল ৰাট্ৰনে কয়, “শ্ৰীযুত ৰেকিবুদ্দিন আহমেদক যুৱ কাৰ্যবাহী বঁটা আৰু শ্ৰীমতী এমিলি চানক সন্মানীয় ‘মেনশ্যন’ প্ৰদান কৰি আমি অত্যন্ত গৌৰৱান্বিত।”