জাগীৰোড : দুখন ট্ৰাকৰ পৰা জব্দ ৫ কোটি টকাৰ ড্ৰাগছ। জাগীৰোডত আৰক্ষীয়ে দুখন ট্ৰাকৰ পৰা জব্দ কৰিছে ৫ কোটি টকাৰ ড্ৰাগছ। এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন ড্ৰাগছ সৰবৰাহকৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে এতিয়াও ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ড্ৰাগছৰ সৰবৰাহ। এতিয়াও প্ৰতিদিনে ৰাজ্যত জব্দ হৈ আছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীৰ অভিযানক কেৰেপ নকৰি ড্ৰাগছ সৰবৰাহকাৰী সকলে ৰাজ্যৰ মাজেৰে অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ।

মণিপুৰৰ পৰা আহি থকা দুখন ট্ৰাকৰ পৰা পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। মৰিগাঁও জিলাৰ জাগীৰোডত আৰক্ষীয়ে অভিযান চলাই ট্ৰাক দুখনৰ পৰা জব্দ কৰে ৫ কোটি টকাৰ ড্ৰাগছ।
এনএল-০১-কে-৯৫৫৩ আৰু এনএল-০১-এন-৫৪৮০ নম্বৰৰ দুখন ট্ৰাকৰ পৰা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰে।

অভিযানকালত আৰক্ষীয়ে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী তিনিজনৰ দুজন মণিপুৰৰ বাসিন্ধা বশিৰ খান, আলতাফ খান বুলি জানিব পৰা গৈছে। আনহাতে আনজন ড্ৰাগছ সৰবৰাহকাৰী গুৱাহাটীৰ জহিৰুল। অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত আছে।