আজিজ আলী

মুকালমুৱা : মুকালমুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক সাফল্য। মুকালমুৱা আৰক্ষীৰ জালত ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছসহ নগদ ধন আৰু মোবাইল ফোন জব্দ। ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত আৰক্ষীৰ।

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীৰ জালত পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী। মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা ২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, নগদ ধন আৰু মোবাইল ফোন জব্দ কৰিছে। বৃহস্পতিবাৰে নিশা অভিযান চলাই এই সাফল্য লাভ কৰে মুকালমুৱা আৰক্ষীয়ে।

এক গোপন খবৰৰ ভিত্তিত মুকালমুৱাৰ লাউঠাৰীত নিশা আৰক্ষীয়ে অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন আহমেদ আলী আৰু শ্বাহ আলম বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, নগদ ১০ হাজাৰ টকা আৰু এটা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অধিক তথ্যৰ বাবে মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে কেইবাবাৰো মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।