গুৱাহাটী, সংবাদ ৩৬৫, ২৬ অক্টোবৰ : চতুৰ্থ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসৰ লগত সংগতি ৰাখি ২৪ আৰু ২৫ অক্টোবৰ তাৰিখে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত এক বৃহৎ বিনামূলীয়া চিকিৎসা তথা স্বাস্থ্য সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে এক আলোচনা চক্ৰৰো আয়োজন হয়।

২৪ অক্টোবৰত আয়োজন কৰা বিনামূলীয়া চিকিৎসা তথা স্বাস্থ্য সজাগতা শিবিৰত শতাধিকৰো অধিক ৰোগী চোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়।

ইয়াৰোপৰি স্বাস্থ্য সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি এক আলোচনা চক্ৰৰো আয়োজন কৰা হয় তথা বিনামূলীয়াকৈ ৰক্ত পৰীক্ষা কৰা হয়।

মহাবিদ্যালয়ৰ কায়চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ বিষ্ণু প্ৰসাদ শৰ্মাই শিবিৰৰ উদ্ধোধন কৰাৰ লগতে স্বাস্থ্য সজাগতা বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ বক্তৃতা আগবঢ়ায় ।

উক্ত আলোচনাখনিত উদ্বোধক ৰূপে আয়ুস সঞ্চালক শ্ৰীমতী মনালিছা গোস্বামী , ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক ডাঃ লক্ষ্মণম এছ আৰু কলকাতাৰ বিশিষ্ট কায়চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ পি চি ত্ৰিপাঠী, আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে।

আয়ুৰ্বেদ চিকিৎসাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে অতিথি সকলে দিয়া গুৰুত্বপূৰ্ণ ভাষণত সকলোৱে আপ্লুত হয়।