গুৱাহাটী, সংবাদ ৩৬৫, ২৬ অক্টোবৰ : শনিবাৰে সম্পন্ন নৱগ্ৰহ শ্মশানত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ শেষকৃত্য সম্পন্ন হয় । পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ নশ্বৰ দেহ।

শনিবাৰে পুৱা ১০বজাত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মৃতদেহ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে আৰক্ষীৰ বিশেষ শাখাৰ লগতে অসম আৰক্ষীৰ মুখ্য কাৰ্য়ালয়লৈ লৈ যোৱা হয়।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ আক্ৰান্ত হৈ গুৱাহাটীৰ চানভেলী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ।

শুকুৰবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । তেখেতৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে ।