নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ নৱেম্বৰ : ৰাজ্যত নিষিদ্ধ হ’ল ধপাত আৰু নিকটিনজাতীয় সামগ্ৰী । এতিয়াৰে ৰাজ্যত নাপাব কোনোধৰণৰ এনে সামগ্ৰী। জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই পদক্ষেপ গ্ৰহণ কৰিছে খাদ্য সুৰক্ষা বিভাগে । ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে এবছৰৰ বাবে এই নিষেধাজ্ঞাৰ জাননী জাৰি কৰিছে ।

এনে সামগ্ৰী মজুত ৰখাৰ লগতে বিতৰণ কৰিবও নোৱাৰিব । নিয়ম ভঙ্গ কৰিলে জৰিমনা বিহাৰ লগতে ল’ব পাৰে সেই ব্যক্তিজনৰ বিৰুদ্ধে কোনো পদক্ষেপ।

গুটখা, চাধা, খৈনী, পাণ-মচলা আদি মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি গণ্য কৰা হয়। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে মুখ, জিভা, দাঁতৰ আলু, ওঁঠ বা খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা।

সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰত উপমহাদেশত এনেধৰণৰ চোবাই খোৱা ধোঁৱাবিহীন ধঁপাতৰ প্ৰচলন সৰ্বাধিক হোৱা দেখা যায়। আমেৰিকাৰ ‘মেয়’ ক্লিনিকে’ ঘোষণা কৰিছে যে ধোঁৱাবিহীন ধঁপাত বিড়ি, চিগাৰেট আদি ধোঁৱামুক্ত ধঁপাততকৈ কোনোগুণে কম ক্ষতিকাৰক নহয়।