গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : সাত দশক ধৰি পাকিস্তানৰ দখলৰ পৰা মুক্ত হবলৈ বেলুচী সকলৰ সংগ্ৰামৰ প্ৰতি ভাৰতীয় জনগণ আৰু চৰকাৰৰ সহায় সহযোগিতা বিচাৰিছে বেলুচ স্বাধীনতা সংগ্ৰামী নেতা হায়াৰ বায়াৰ মাৰীয়ে।

গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক সকলৰ সৈতে বুধবাৰে এক বাৰ্তা লাপাত এই আহ্বান জনাই মাৰীয়ে ভাৰতক এক বিশ্বাসী বন্ধু ৰাষ্ট্ৰ হিচাপ বিবেচিত কৰে। অৱশ্যে ভাৰত চৰকাৰে কেৱল পাকিস্তানৰ বিৰুদ্ধাচৰণ কৰাৰ স্বাৰ্থতে এনে নকৰি ,ভৱিষ্যতৰ এক মিত্ৰশক্তি ৰূপে বেলুচ সকলক গণ্য কৰিব লাগে।

কাশ্মীৰ প্ৰসংগত ইছলামাবাদে নিজকে মুছলমান সকলৰ প্ৰতিনিধি হিচাপত প্ৰক্ষেপ কৰা বুলি মন্তব্য কৰি মাৰীয়ে কয় যে সেই একে ইছলামাবাদে সৰ্বাধিক সংখ্যক মুছলমানক হত্যা কৰিছে,ইয়াৰ অন্যতম উদাহৰণ হৈছে মুক্তিকামী বেলুচী সকল ,অথচ তেওঁলোকো ইছলামধৰ্মালম্বী । ব্ৰিটিছ ঔপনিবেশিক শক্তিয়ে যেনেদৰে চৰম বিশ্বাসঘাটকতা কৰি একালৰ স্বাধীন বেলুস্তিতান দেশখন ভাগ ভাগ কৰি ইৰাণ আৰু পাকিস্তানৰ হাতত গতাই দিলে, তেনেদৰে ভাৰতেও ব্ৰিটিছৰ সৰ্বনশীয়া বিভাজন নীতিৰ বাবে পাঞ্জাৱকে ধৰি অন্যান্য ভূ-ভাগ হেৰুৱাব লগীয়া হ’ল।

সেই একে চক্ৰান্ততে পাকিস্তানেও ভাৰতৰ পৰা কাশ্মীৰৰ একাংশ কাঢ়ি নিলে।সেয়ে ভাৰতে এতিয়া প্ৰাক অধিকৃত কাশ্মীৰ, গিলগীত বাল্টিস্থানকে ধৰি সমগ্ৰ কাশ্মীৰ নিজৰ বুলি দাবী কৰাৰ যুক্তি আছে । এই প্ৰসংগত মাৰীয়ে উল্লেখ কৰে যে ১৯৪৭ চনৰ ১১ আগষ্টত বেলুস্তিতান এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে জন্ম লাভ কৰিছিল যদিও মাথো ৯মাহৰ পিছতে ১৯৪৮ চনৰ ২৭ মাৰ্চত পাকিস্তানে বলপূৰ্বক ভাবে বেলুস্তীতান দখল কৰে ।

তাহানিৰ পূব পাকিস্তান যিদৰে পাক প্ৰশাসনৰ দ্বাৰা নিৰ্যাতিত নিপীড়ত হৈছিল ,ঠিক একেদৰে বেলুচী সকল আজিও নিষ্পেষিত হৈ আছে ।কমেও ত্ৰিশ হাজাৰ বেলুচী যুৱক বিগত সাত দশকত অন্তৰ্ধান হৈছে।পাকিস্তানী সেনাৰ হাতৰ পৰা আনকি মহিলা, বৃদ্ধ, শিশু কোনেও সাৰীযাব পৰা নাই।বংগবন্ধু শ্বেইখ মজিবুৰ ৰহমানৰ নেতৃত্বত স্বাধীন বাংলাদেশৰ জন্ম হয় ,স্বাধীনতা প্ৰেমী বেলুচী সকলেও প্ৰেৰণা আৰু সহযোগৰ আশা কৰিছিল।কিন্তু বংগ বন্ধুৰ হত্যাৰ পিছত সেই আশা নিৰ্বাপিত হল।

ভাৰতে যিদৰে বাংলাদেশৰ মুক্তি যুদ্ধত সহায় কৰিছিল একেদৰে বৰ্তমানৰ নৰেন্দ্ৰ মোডী চৰকাৰে বেলুচী সকলৰ সংগ্ৰামৰ সহানুভূতিশীল হব পাৰে বুলিও মাৰীয়ে আশা প্ৰকাশ কৰে। ভাৰতীয় আৰু বেলুচী জনগণৰ মাজত সক্ৰিয় সম্পৰ্ক আৰু
বুজাবুজিত গুৰুত্ব আৰোপ কৰি মাৰীয়ে ভাৰত -বেলুস্তীতান মিত্ৰতা মঞ্চ গঠনৰ পোষকতা কৰে।

বেলুচী সকল সদায়ে ধৰ্মনিৰপেক্ষ বুলি উল্লেখ কৰি মাৰীয়ে বিভিন্ন সময়ত হিন্দু সকলক পাকিস্তানী সেনাৰ অত্যাচাৰৰ পৰা বেলুচী সকলে ৰক্ষা কৰাৰ উদাহৰণ আছে। প্ৰসংগতে মাৰীয়ে বেলুস্তীতানত থকা গুৰুত্বপূৰ্ণ তীৰ্থস্থান শক্তিপীঠ হিংলাচ মন্দিৰৰ কথা উল্লেখ কৰে আৰু প্ৰায় ৩০ হাজাৰ মান হিন্দু আবাসীয়ে তাত নিজৰ ৰীতি নীতি পালন কৰি জীয়াই আছে । কাৰণ মাৰীৰ মতে বেলুচী সকলে প্ৰথমে নিজকে মানুহ বুলি গণ্য ,কৰে তাৰ পিছতহে মুছলমান ।