গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : ইতিমধ্যে ঘোষণা কৰা হৈছে উপ-নিৰ্বাচনৰ তাৰিখ । তাৰিখ ঘোষণা হোৱাৰ লগে লগে জাৰি কৰা হৈছে নিৰ্বাচনী আচৰণ বিধি । কিন্তু শাসকীয় দল অৰ্থাৎ বিজেপি চৰকাৰে নিৰ্বাচনী আচৰণ বধি উলংঘন কৰাৰ অভিযোগ বিৰোধী দল কংগ্ৰেছৰ।

উল্লেখযোগ্য যে শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত মঙলবাৰে ৬৫১ খন চাহ বাগানৰ চিকিৎসালয়ৰ বিনামূলীয়া ঔষধ বিতৰণৰ আঁচনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতত মুকলি কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে চাহ বাগিচাৰ লোকসকলৰ বাবে কেইবাখনো আঁচনিৰ বিষয়েই ঘোষণা কৰিছিল মন্ত্ৰী শৰ্মাই।

ইয়াৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে বিৰোধী দল কংগ্ৰেছ। বুধবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই নিৰ্বাচনী আয়োগক সমগ্ৰ বিষয় বিবৰি এক পত্ৰ প্ৰেৰণ কৰি অভিযোগ দাখিল কৰে।