গুৱাহাটী, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : দূৰ্গা পূজাত বিধি-পথালি দিব পাৰে বতৰে ! বিগত দুই-তিনিদিন ধৰি অসমৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত বৰষুণ অব্যাহত আছে ।

বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পুজামণ্ডপ সমুহ নিৰ্মান কৰাত অসুবিধাৰ সন্মুখীন হৈ আছে । এই বৰষুণ পুনৰ আগন্তুক ৫ দিনলৈ অব্যাহত থাকিব পাৰে । এই কথা জনালে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা ম’তে আজিৰে পৰা পাচদিন ধৰি অসম মেঘালয় বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সাগৰপৃষ্ঠৰ ৩.১ কিমি ওপৰেৰে পঞ্জাৱৰ পৰা পশ্চিম বংগ হৈ দক্ষিণ অসমলৈ চলি থকা এক চক্ৰৰ বাবে হৈ আছে এই বৰষুণ ।

যদি এই বৰষুণ পুনৰ একে ৰূপে অব্যাহত থাকে তেনহলে ম্লান পৰিব পূজাৰ উৎসাহ । অৱশ্যে এই বৰষুণৰ মাত্ৰা ৩দিন পিছত হ্ৰাস পোৱাৰ সম্ভাৱণা আছে বুলি জনাই বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰই ।