নিউজ ডেস্ক, সংবাদ ৩৬৫, ২২ অক্টোবৰ : জনকল্যাণ ছ’চিয়েল ওৱেলফেয়াৰ এণ্ড কালচাৰেল অৰ্গেনাইজেছনে চাউলীয়াবড়ী খেলপথাৰত আয়োজন কৰে এক সাংস্কৃতিক অনুষ্ঠানৰ । য’ত অনুষ্ঠানৰ বাবে অতিথি হিচাপে নিমন্ত্রিত কৰা হৈছিল বাংলাদেশৰ মডেল, অভিনেত্ৰী অপু বিশ্বাসক।

অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অপু বিশ্বাসে কয় যে বৰপেটাৰ সকলো লোকৰ সম্পৰ্কীয় মানুহ আছে বাংলাদেশত । গতিকে বৰপেটাবাসী বাংলাদেশী।

অভিনেত্ৰীগৰাকীৰ এই মন্তব্যৰ সমগ্ৰ ভিডিও ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বৰপেটাবাসীক বাংলাদেশী সজোৱা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।