গুৱাহাটী, সংবাদ ৩৬৫, ২২ অক্টোবৰ : স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰক ভাৰত ৰত্নৰ দাবী কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী ইস্তাহাৰ চাৱৰ্কৰক ভাৰতৰত্ন প্ৰদান কৰাৰ কথা ঘোষণা কৰে । এই ঘোষণাৰ পাছতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধী দল কংগ্ৰেছ এই ক্ষেত্ৰত যেন সকলোতকৈ আগত।

ভাৰতৰত্নক লৈ হৈ থকা বিতৰ্কৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শ্বহীদ কুশল কোঁৱৰক ভাৰতৰত্নৰ বাবে দাবী জনায়।

মংগলবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে মহাত্মা গান্ধীক হাইজেক কৰিব বিচাৰিছে বিজেপিয়ে। বিজেপিয়ে যদি মহাত্মা গান্ধীৰ আদর্শক অনুসৰণ কৰিব বিচাৰিছে তেনেহলে হিন্দুত্ব ত্যাগ কৰিব লাগিব।

গগৈয়ে শ্বহীদ কুশল কোঁৱৰক ভাৰতৰত্ন প্ৰদানৰ দাবী উত্থাপন কৰি কয় যে ভাৰতৰ স্বাধীনতাৰ বাবে হাঁহি হাঁহি জীৱন ত্যাগ কৰিছিল কুশল কোঁৱৰে । চাৱৰ্কক আছিল মহাত্মা গান্ধীৰ হত্যাৰ অভিযুক্ত। গতিকে শ্বহীদ কুশল কোঁৱৰক ভাৰতৰত্ন প্ৰদান কৰিব লাগে ।

ইফালে নুমলীগড় শোধনাগাৰ বিক্ৰী কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।